তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

Share This Article

◆ তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি সন্তানৰ সৈতে খেলি থকা অৱস্থাত পানীত ডুবি গৈছিল ৰক্তিম বৰুৱা

◆ SDRF আৰু NDRF–এ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰক্তিম বৰুৱাক

◆ ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ হাঁহচৰা নামৰ স্থানত উদ্ধাৰ কৰা হৈছে লোকজনৰ মৃতদেহ

◆ পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বৰুৱাৰ মৃতদেহ আৰু লগে লগেই খবৰ দিয়ে আৰক্ষীক

◆ উল্লেখ্য যে দেওবাৰৰ বিয়লিৰ ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছৰে পৰা অভিযান চলাই গৈছিল SDRF বাহিনীয়ে

◆ মঙলবাৰৰ দিনটোত NDRF বাহিনীও উপস্থিত হৈ চলাইছিল অভিযান

◆ সম্পূৰ্ণ ৪ দিনৰ পাছত উদ্ধাৰ হ’ল বৰুৱাৰ মৃতদেহ

◆ নিজ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ দেওবাৰে ধনশিৰিত উটি গৈছিল অভিযন্তা ৰক্তিম বৰুৱা

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.