দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

Share This Article

পুনৰ ভয়ানক ৰূপত আহিছে ক’ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ বৃদ্ধি হৈছে। এতিয়া দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১,০৫,৬৯১গৰাকী। নতুন ক’ভিড ভেৰিয়েণ্ট ওমিক্ৰন বিয়পি পৰাৰ আশংকাৰ মাজতে মুম্বাই নাগৰিক সংস্থাই চহৰখনলৈ অহা আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে নতুন নিষেধাজ্ঞা প্ৰৱৰ্তন কৰিছে আৰু এই সন্দৰ্ভত অত্যাধিক সতৰ্কতা বজাই ৰাখিছে। বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) দ্বাৰা জাৰী কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি দক্ষিণ আফ্ৰিকা তথা হংকং আৰু বটছৱানাৰ অৰ্থাৎ যি তিনিখন দেশত ওমিক্ৰন ধৰা পৰিছে সেই দেশ কেইখনৰ মাজেৰে যাত্ৰা কৰা বা আন্তৰ্জাতিক যাত্ৰী সকলে মুম্বাই বিমানবন্দৰত বাধ্যতামূলক আৰটি-পিচিআৰ টেষ্ট কৰিব লাগিব। তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে। সেই বৈঠকতে ক’ভিডৰ নতুন প্ৰকাৰ ওমিক্ৰন আৰু ইয়াৰ বিশেষত্ব তথা আন দেশত আৰু ভাৰতত ইয়াৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰা হয়। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন ভেৰিয়েণ্ট চিনাক্ত কৰা দেশসমূহৰ পৰা ভাৰতলৈ বিমান চলাচল বন্ধ কৰিবলৈ আহ্বান জনায়। কিয়নো ৰাজ্য সমূহে ইতিমধ্যেই বিদেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰি দিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.