বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন শিক্ষা নীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয় ৷ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা সদৰী কৰে ৷ তেও সদৰী কৰা অনুসৰি –
• এতিয়াৰে পৰা বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা ৫+৩+৩+৪ ৰ আধাৰত গঢ়ি তোলা হ’ব ৷
• প্ৰথম ৫ ত থাকিব নিম্ন প্ৰাথমিক , উচ্চ প্ৰাথমিক , নাৰ্ছাৰী , প্ৰথম আৰু দ্বিতীয় শ্ৰেণী ৷ইয়াক কোৱা হব বুনিয়াদী বিদ্যালয় বুলি ৷
• দ্বিতীয় ৩ ত থাকিব তৃতীয় , চতুৰ্থ আৰু পঞ্চম শ্ৰেণী ৷ ইয়াক কোৱা হ’ব প্ৰস্তুতি পৰ্ব বুলি ৷
• তৃতীয় ৩ ত থাকিব ষষ্ঠ , সপ্তম আৰু অষ্টম শ্ৰেণী ৷ ইয়াক মধ্যম বৰ্গ বুলি কোৱা হ’ব ৷
• চতুৰ্থ ৪ ত থাকিব নৱম , দশম , একাদশ আৰু দ্বাদশ শ্ৰেনী ৷
• এইদৰে মুঠ ১৫ বছৰ বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব এগৰাকী ছাত্ৰ- ছাত্ৰীয়ে ৷
• ২০২২ চনৰ পৰা নতুন শিক্ষানীতিৰ আধাৰত আধাৰত বিদ্যালয়ৰ শিক্ষা প্ৰক্ৰিয়া সজাই তোলা হ’ব ৷ ২০২৩ চনৰ পৰা নতুন শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰমো প্ৰৱৰ্তন কৰা হ’ব ৷
• মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একত্ৰীকৰণ কৰা হ’ব ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.