Investigative reporting with dedication.

মূল্যবৃদ্ধি ৰোধ কৰিব মন্ত্ৰী ৰঞ্জিত দাসে৷মূল্যবৃদ্ধি ৰোধৰ সমাধান সূত্ৰ বিচাৰি বৈঠকত বহিছে ৰঞ্জিত দাস৷ কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মূল্যবৃদ্ধিক লৈ পৰ্যালোচনা বৈঠক।এই বৈঠকত উপস্থিত আছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস।বৈঠকত উপস্থিত আছে বিভাগৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ বিষয়া৷ৰাজ্যত মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সমান্তৰালকৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।এনে পৰিস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে মন্ত্ৰী ৰঞ্জিত দাস বৈঠকত মিলিত হৈছে।বৈঠকত কি সমাধান সূত্ৰ ওলাই সেয়া নিশ্চিতভাবে লক্ষণীয় হব৷




