আজি শিশু দিৱস

Share This Article

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি জন্মদিন ৷ ১৪ নৱেম্বৰৰ নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ শিশুসকলৰ বাবে নেহৰু আছিল আপোন ‘নেহৰু খুৰা’ ৷শিশুৰ লগত থকা আত্মীয়তাৰ বাবেই তেওৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় ৷

১৮৮৯ চনত এলাহাবাদত জন্মগ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰুয়ে ৷ তেওৰ জন্মৰ তিনি বছৰ পূৰ্বে গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ ৷ পাছলৈ এইগৰাকী নেহৰুয়ে জাতীয় কংগ্ৰেছৰ নেতা হিচাপে ভাৰতৰ স্বাধীনতা আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়ে ৷ স্বাধীনতা আন্দোলনৰ সময়ত তেও ৯ বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল ৷ ১৯২৯ চনত তেও লাহোৰ অধিৱেশনত জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে মনোনীত হয় আৰু স্বাধীনতা লাভৰ পাছত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷
আজি শিশু দিৱসৰ দিনটোত দেশৰ শিশুসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.