প্ৰতিৰক্ষা বিভাগত ভাৰতৰ নতুন সংযোজনঃ ভয়ত কঁপিছে শত্ৰু ৰাষ্ট্ৰ

Share This Article

আন্তৰ্জাতিক স্তৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ তথা সেনাবাহিনীৰ স্থান যথেষ্ট উচ্চ মানদণ্ডৰ। কিন্তু ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা বিভাগত ঘটোৱা হৈছে নতুন সংযোজন। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ আৰ্মৰ্ড ব্ৰিগেডক আৰু অধিক শক্তিশালী তথা মাৰাত্মক কৰি তুলিবলৈ ১১৮ খন নতুন মুখ্য যুদ্ধ টেংক (এমবিটি) অৰ্জুন-মাৰ্ক১এ-ক ক্ৰয় কৰাৰ নিৰ্দেশ দিছে। আত্মনিৰ্ভৰ ভাৰত প্ৰজেক্টৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে তামিলনাডুৰ আৱাড়ীত ওএফবিৰ এইচএফএফ কাৰখানালৈ ৭৫.২৩ কোটি টকাৰ অৰ্ডাৰ দিছে। এই নতুন টেংকবোৰ চলাচল কৰিবলৈ সহজ আৰু আনকি ৰাতিও গোলাবৰ্ষণ কৰিব পৰাকৈ সক্ষম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.