সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?

ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য কৰিব। ইয়াৰ অৰ্থ হৈছে যে এনে লোকসকলে বহুতো সীমাবদ্ধতাৰ মাজেৰে যাব লাগিব। আমেৰিকাই নৱেম্বৰৰ পৰা সম্পূৰ্ণ টিকাকৰণ কৰা লোকসকলৰ বাবে ভ্ৰমণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাবলগীয়া দেশ সমূহৰ ভিতৰত ভাৰতকো অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰাৰ পিছতে নতুন নিয়মৰ কথা ৰাজহুৱা কৰিছে বিট্ৰেইনে। ভাৰতে ব্ৰিটেইনৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতে সতৰ্ক কৰি দিছে যে যদি ভাৰতীয় ভেকছিনক ৰেহাই দিয়া নহয় তেন্তে ব্ৰিটেইনত টিকাকৰণ কৰা ইয়াৰ লোকসকলেও ভাৰতত এনে নিয়মৰ সন্মুখীন হ’ব পাৰে। ইফালে ব্ৰিটেইনে কৈছে যে ক’ভিড ভেকছিন প্ৰমাণপত্ৰৰ অনুমোদন সম্প্ৰসাৰিত কৰাৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনা চলি আছে।
যিদৰে ব্ৰিটেইনে ভাৰতীয় ভেকছিনৰ ওপৰত এনে নিয়ম প্ৰস্তুত কৰিছে ঠিক তেনেদৰে ইউৰোপীয় ইউনিয়নেও একে ধৰণৰ নিয়মেই প্ৰস্তুত কৰিছে। ইয়াৰ প্ৰতিবাদত ভাৰতে ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ বিৰুদ্ধে একে ধৰণৰ প্ৰতিশোধ লোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। তেতিয়াৰ পৰা কেইবাখনো দেশে ভাৰতীয় ভেকছিন ক্ষেত্ৰত অনুমোদন জনাইছে।
কিন্তু এতিয়া শেহতীয়া ঘটনাটো হৈছে ব্ৰিটেইনৰ। ভাৰতৰ ভেকছিনক এতিয়াও ব্ৰিটেইনে স্বীকৃতি দিয়া নাই। যাৰ অৰ্থ হৈছে যে যিসকলক ভাৰতত কোভিকশ্বিল্ডৰ প্ৰতিষেধক দিয়া হৈছে তেওঁলোকেও সেই সুবিধা নাপাব। কভিশ্বিল্ড হৈছে অক্সফৰ্ড-এষ্ট্ৰজেনেকা ভেকছিনৰ ভাৰতীয় সংস্কৰণ যাক কাৰাৰৰ অধীনত ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
ব্ৰিটেইনত ৪ অক্টোবৰৰ পৰা নতুন আন্তৰ্জাতিক ভ্ৰমণ নিয়ম কাৰ্যকৰী হ’ব। সম্পূৰ্ণৰূপে স্বীকৃত নোপোৱা যাত্ৰীসকল এই ক্ষেত্ৰত প্ৰভাৱিত হব। এনে লোকসকলে প্ৰস্থানৰ আগতে RTPCR পৰীক্ষা কৰিব লাগিব আৰু ব্ৰিটেইনত উপস্থিত হোৱাৰ দ্বিতীয় আৰু অষ্টম দিনত RTPCR পৰীক্ষা কৰিব লাগিব। তাৰ পিছত ১০ দিনৰ বাবে নিৰ্ধাৰিত ঠিকনাত আনৰ পৰা পৃথক হৈ থাকিব লাগিব। ব্ৰিটেইনৰ নতুন নিয়মে অষ্ট্ৰেলিয়া, এণ্টিগুয়া আৰু বাৰ্বুডা, বাৰ্বাডোচ, বাহৰেইন, ব্ৰুনেই, কানাডা, ডমিনিকা, ইজৰাইল, জাপান, কুৱেইট, মালয়েছিয়া, নিউজিলেণ্ড, কাটাৰ, চৌদি আৰৱ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ দৰে দেশৰ ভেকছিনক স্বীকৃতি দিব। অৰ্থাৎ এই দেশসমূহৰ নাগৰিকসকলে সেই কঠোৰ নিয়মবোৰ পালন কৰিব নালাগিব।
যেতিয়া ইউৰোপীয় ইউনিয়নে একে ধৰণৰ নিয়ম প্ৰস্তুত কৰিছিল তেতিয়াও একে ধৰণৰ প্ৰতিবাদ হৈছিল। ইউৰোপীয় ইউনিয়নে ১ জুলাইৰ পৰা ভেকছিন পাছপোৰ্ট আঁচনিৰ অধীনত ডিজিটেল কোভিড প্ৰমাণপত্ৰ জাৰী কৰা আৰম্ভ কৰিছিল। ইয়াৰ অধীনত ৪ টা ভেকছিন – ফাইজাৰ, মডাৰ্ণা, এষ্ট্ৰজেনেকা আৰু জনছন এণ্ড জনছনৰ জানচেন ভেকছিন ফ্লেগ অফ কৰা হৈছিল। এই টিকাকৰণ কৰা লোকসকলক ইউৰোপীয় ইউনিয়নৰ দেশসমূহলৈ মুক্তভাৱে ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে। এই চাৰিটা ভেকছিনত কভিশ্বিল্ড অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ইয়াৰ পিছতে যেতিয়া ভাৰতে প্ৰতিবাদ কৰিছিল তেতিয়াহে বহুতো দেশে নিজৰ তালিকাত কভিশ্বিল্ড অন্তৰ্ভুক্ত কৰিছিল।

Leave A Reply

Your email address will not be published.