Investigative reporting with dedication.

১৭ ছেপ্টেম্বৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিনৰ দিনটোতেই প্ৰায় ২.৩১ কোটি পালি ভেকচিন প্ৰদানেৰে ৰেকৰ্ড গঢ়িলে ভাৰত চৰকাৰে। কিন্তু তাৰ পিছদিনাই ঘটিল এটা আশ্চৰ্যজনক ঘটনা। ১৮ ছেপ্টেম্বৰ অৰ্থাৎ মোডীৰ জন্মদিনৰ পিছদিনা দেশত প্ৰদান কৰা হল মাত্ৰ ৮৫.৪২ লাখ পালি ভেকচিন। ইয়াকে লৈ এতিয়া উথাপন কৰিছে কংগ্ৰেছৰ ৰাজকুমাৰ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে যে ১৭ ছেপ্টেম্বৰৰ দিনা ভেকচিনেচৰ গ্ৰাফডাল ওপৰলৈ গল কিন্তু ১৮ ছেপ্টেম্বৰৰ দিনা তললৈ নামি আহিল। তেঁও লগতে লিখিছে যে ইভেণ্ট খতম অৰ্থাৎ অনুষ্ঠান শেষ। ইয়াৰ আগতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি ৰাহুল গান্ধীয়ে লিখিছিল যে – অন্য দিনটো ২.১ কোটি ভেকচিনেচৰ আশা থাকিল। দেশক ইয়াৰ প্ৰয়োজন আছে।
২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ল কিন্তু জ্বৰ মাত্ৰ এটা দলৰহে উঠিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
মোডীয়ে নিজৰ জন্মদিনক লৈ মন্তব্য কৰি কয় যে জন্মদিন বহুত আহিল আৰু গল কিন্তু এইবাৰৰ জন্মদিনটো অইন বাৰতকৈ পৃথক আছিল। কোনো দলৰ নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ল কিন্তু জ্বৰ মাত্ৰ এটা দলৰহে উঠিল।




