Investigative reporting with dedication.

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ১৭ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হব GST পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বিশেষ বৈঠকখনতেই পেট্ৰল, ডিজেলৰ এক দেশ, এক মূল্যৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু যদি সদস্য সকলে এটা সিদ্ধান্তত সন্মতি প্ৰদান কৰে তেন্তে পেট্ৰল, ডিজেলৰ মূল্য কিছু হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একাধিক পেট্ৰলিয়াম জাত সামগ্ৰী GST ৰ অধীনলৈ অনাৰ বিষয়েও চিন্তা চৰ্চা কৰা হব লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ বৈঠকখনত।




