সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰপতিয়ে

উত্তৰ প্রদেশৰ প্রয়াগৰাজত স্থাপন হ’বলগীয়া উত্তৰ প্রদেশ ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে প্রয়াগৰাজৰ স্বীকৃতি শিক্ষা কেন্দ্র হিচাপে চর্চিত৷ তদুপৰি ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ আন আন ক্ষেত্রৰ দৰে ন্যায়িক ব্যৱস্থাতো মহিলাৰ অধিক অংশগ্রহণক প্রাধান্য দিয়ে৷ এইক্ষেত্রত কিছুদিন পূর্বে উচ্চতম ন্যায়ালয়ৰ তিনি গৰাকী মহিলাসহ ৯গৰাকী ন্যায়াধীশৰ অন্তর্ভুক্তিৰ প্রসংগ উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ ৩৩গৰাকী ন্যায়াধীশৰ ভিতৰত চাৰিগৰাকী মহিলা আছে৷ তেওঁ এই কথাও উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ত শেহতীয়া মহিলা ন্যায়াধীশৰ অন্তর্ভুক্তিয়ে ভৱিষ্যতে দেশৰ মুখ্য ন্যায়াধীশ পদত মহিলাৰ নিযুক্তিৰ পথ মুকলি কৰিছে৷

Leave A Reply

Your email address will not be published.