“আজি জীৱনৰএটা বহুদিনীয়া সপোন সঁচা হ’ল” কিয় ক’লে নীৰজ চোপ্ৰাই

Share This Article

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক বিজয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই। প্ৰচুৰ সাধনা আৰু অধ্যৱসায়ৰ ফলত অলিম্পিকত স্বৰ্ণ পদকসহ ভাৰতলৈ আহে নীৰজ। নীৰজৰ এটা সপোন আছিল পিতৃ মাতৃৰ সৈতে একেলগে বিমানত ভ্ৰমন কৰাৰ আৰু তেওঁ পিতৃ-মাতৃক বিমানেৰে ভ্ৰমণ কৰিবলৈ অনুৰোধও কৰিছিল। অৱশেষত আজি তেওঁৰ এই সপোনটো পূৰণ কৰি যথেষ্ট সুখী অনুভৱ কৰা বুলি সামাজিক মাধ্যমত মনোভাৱ প্ৰকাশ কৰে। টুইটাৰৰ যোগেদি তেওঁ কয় যে আজি জীৱনৰ এটা সপোন সঁচা হ’ল যেতিয়া মা আৰু দেউতাৰ সৈতে প্ৰথমবাৰৰ বাবে বিমানত যাত্ৰা কৰিলো। লগতে তেওঁ কয় যে সকলোৰে শুভেচ্ছা আৰু আৰ্শীবাদৰ বাবে চিৰদিনলৈ বাবে কৃতজ্ঞ হৈ ৰ’ম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.