IPLত সংযোজন হব দুটাকৈ নতুন দল, BCCI ৰ তালিকাত গুৱাহাটী

Share This Article

বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়ায় লীগ(IPL) ত সংযোজন হব দুটাকৈ নতুন দল। BCCI এ প্ৰকাশ কৰা ৬ চহৰৰ এখন বিশেষ তালিকাত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। গুৱহাটীৰ লগতে নাম অন্তৰ্ভুক্ত আছে ৰাচি, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা চহৰৰ। প্ৰাপ্ত তথ্য অনুসৰি উৰিষ্যাৰ কটকৰ নাম বিবেচনা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। আনহাতে চৰ্চাত থকা গুজৰাটৰ আহমেদাবাদত আছে বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম। সম্পূৰ্ণ সিদ্ধান্ত লোৱা হোৱা নাই যদিও চৰ্চাত আছে গুৱাহাটীৰো নাম, আগন্তুক দিনত BCCI ৰ সিদ্ধান্ত পৰাহে গম পোৱা হব চূড়ান্ত ক্ৰিকেট দলৰ নাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.