আজি অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

Share This Article

আজি অনুষ্ঠিত হব অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। মহানগৰীৰ কইনাধৰাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন। ২০০৫ চনৰ ২ মে’ত শেষবাৰৰ বাবে অসম চুক্তি সন্দৰ্ভত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। সুদীৰ্ঘ ১৬ বছৰৰ পাছত এই সন্দৰ্ভে আজি অনুষ্ঠিত হব এই বৈঠকখন। বৈঠকত উপস্থিত থাকিব আছুৰ নেতৃত্ব। আছুৰ সভাপতি, সম্পাদক, মুখ্য উপদেষ্টা উপস্থিত থাকিব। অসম চুক্তি ৰূপায়ণৰ আয়ুক্ত ৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব আৰু গৃহ সচিবও উপস্থিত থাকিব বিশেষ বৈঠকখনত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.