বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী- শ্বাহৰ গৃহ ৰাজ্যলৈ টীম প্ৰশান্ত কিশোৰ !

Share This Article

আগন্তুক গুজৰাটত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। নেতাহীন আৰু নিৰন্তৰ পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলে পুনৰ নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবৰ বাবে দায়িত্ব হস্তান্তৰ কৰিব বুলি আশা কৰিছে। কিছু দিনৰ পৰা সঘনাই কংগ্ৰেছ আৰু প্ৰশান্ত কিশোৰৰ মাজত গোপন বৈঠক অনুষ্ঠিত হোৱাৰও খবৰ ওলাইছে। কংগ্ৰেছ নেতা ভাৰতসিংহ চোলাঙ্কি আৰু প্ৰশান্ত কিশোৰৰ মাজত অনুস্থিত হৈছে গোপন বৈঠক। কিছুদিন পূৰ্বে কংগ্ৰেছ বিধায়কসকলৰ লগতো এখন বৈঠকত মিলিত হৈ প্ৰশান্ত কিশোৰৰ লগত সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা চলিছে। বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাহুল গান্ধী ২০২২ চনৰ নিৰ্বাচনত গুজৰাট কংগ্ৰেছৰ তাৰকা প্ৰচাৰক হ’ব। যদিও প্ৰশান্ত কিশোৰৰ ওপৰত এতিয়ালৈকে আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু কংগ্ৰেছৰ সূত্ৰঅনুসৰি, কংগ্ৰেছ হাইকমাণ্ডে গুজৰাট কংগ্ৰেছৰ কামাণ্ড প্ৰশান্ত কিশোৰক হস্তান্তৰ কৰি খেলখন খেলিবলৈ সাজু হৈ উঠিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.