সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

Share This Article

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা নাই উত্তৰ প্ৰদেশৰ ভূমিত ৷অসমতো ইজনৰ পাছত সিজন বিধায়কে দল এৰিছে ৷ খোদ মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰীয়ে পদত্যাগ কৰি যোগদান কৰিছে তৃণমূল কংগ্ৰেছত ৷ কিন্তু কংগ্ৰেছ হাইকামাণ্ড এতিয়াও নিৰুদ্বিগ্ন ৷সেইবাবেই প্ৰশ্ন উঠিছে যে সময়ৰ বুকুত এদিন বিলীন হৈ যাব নেকি কংগ্ৰেছ দল ?

অসমত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ১০০ দিনৰ ভিতৰতে প্ৰধান বিৰোধী দল কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ উজনিৰ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী , সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগদান কৰাৰ পাছত আন কেবাগৰাকীও বিধায়কে বিজেপিত যোগ দিবলৈ শাৰী পাতি থকাৰ খবৰ ওলাইছে ৷ অতি আশ্চৰ্যজনকভাৱে অসমত  ১৫ বছৰ ৰাজ্য শাসন কৰা দলটো ক্ষমতাৰ পৰা আতৰাৰ ৫ বছৰৰ ভিতৰত কল্পনাতীত বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ নবীন – প্ৰবীন সকলো নেতাই নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ৷ অসম কংগ্ৰেছৰ কথা বাদেই , নিখিল ভাৰত কংগ্ৰেছ কমিটীয়েও সীমাহীন বিলাই বিপত্তিৰ পৰা কোনো শিক্ষা লোৱা নাই ৷ কেবাটাও নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো দলটোৰ পূৰ্ণকালীন সভাপতি এগাৰাকী আজিলৈ নিযুক্তি দিয়া নহ’ল ৷ বিগত দুটা লোকসভা নিৰ্বাচনৰ ফলাফলে দেখুৱাই দিছে যে কংগ্ৰছৰ ভৱিষ্যৎ দলৰ নেতৃত্বই ভবাতকৈ বহু বেছি ভয়াবহ ৷ দেশৰ আটাইতকৈ পুৰণি দলটো ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত ক্ৰমাগত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ৷ দুটাকৈ লোকসভা নিৰ্বাচনত কংগ্ৰেছ থমকি ৰৈছে মাত্ৰ ৪৪ আৰু ৫২ খন আসনত ৷

এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক

কংগ্ৰেছৰ এই বিপৰ্যয় এদিনতে নামি অহা নাই ৷উদাহৰণে কয় যে নেতৃত্বৰ অহমিকাই কংগ্ৰেছৰ শ্মাশানযাত্ৰাৰ পথ কেবা দশক আগতেই প্ৰশস্ত কৰি দিছে ৷ দেশৰ প্ৰায়কেইখন বৃহৎ ৰাজ্যতেই দলটোৱে নিজৰ খোপনি ইতিমধ্যে হেৰুৱাই পেলাইছে৷ য’ত এবাৰ কংগ্ৰেছৰ ককাল পৰিছে , তাৰ পাছত আৰু পোনাব পৰা নাই ৷ হিন্দী বলয়ৰ এখন বৃহৎ ৰাজ্য বিহাৰত কংগ্ৰেছৰ শেষৰগৰাকী মুখ্যমন্ত্ৰী আছিল ১৯৯০ চনত ৷ তেওৰ নাম জগন্নাথ মিশ্ৰ ৷ লালুপ্ৰসাদ যাদৱ আৰু পৰৱৰ্তী সময়ত নীতিশ কুমাৰৰ উত্থানে কংগ্ৰেছৰ উত্থানৰ পথ চিৰকাললৈ বিহাৰত অৱৰুদ্ধ কৰি পেলাইছে ৷ লালুপ্ৰসাদৰ দল আৰ জে ডিৰ হাতত ধৰি কংগ্ৰেছে বিহাৰত নিজৰ অস্তিত্ব কোনোমতে জাহিৰ কৰি আছে ৷মিত্ৰদল হিচাপে তাতো কংগ্ৰেছৰ ফলাফল অতি হতাশজনক ৷ দেশৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত কংগ্ৰেছ পিটিকাত দিবলৈও নাই ৷ উত্তৰ প্ৰদেশত দলটোৰ শেষ মুখ্যমন্ত্ৰীগৰাকী আছিল হাইকামাণ্ডৰ বিশ্বস্ত , পাছলৈ অতি বিতৰ্কিত ৰাজনীতিক নাৰায়ন দত্ত তিৱাৰী , ১৯৮৯ চনত ৷তাৰ পাছত মূলায়ম সিঙ যাদৱ, কল্যান সিঙ , মায়াৱতী , অখিলেশ যাদৱৰ পৰিক্ৰমা অতিক্ৰমি উত্তৰ প্ৰদেশৰ শাসন এতিয়া যোগী আদিত্যনাথৰ হাতত ৷ চুবুৰীয়া পশ্চিমবংগত ১৯৭৭ ৰ জৰুৰীকালীন সময়তে কংগ্ৰেছৰ অধ্যায়ৰ যৱনিকা পৰিছে ৷ মহাৰাষ্ট্ৰত কংগ্ৰেছ ২০১৪ চন পৰ্যন্ত শাসনত আছিল ৷ কিন্তু কংগ্ৰেছৰ পৰা বহিষ্কৃত শাৰদ পাৱাৰৰ কৃপাধন্য হৈহে দলটোৱে মহাৰাষ্ট্ৰত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছিল  ৷ বিনিময়ত পাৱাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাত সন্মানজনক পদবী দিবলগীয়া হৈছিল ৷ দাক্ষিণাত্যৰ ৰাজ্য তামিলনাডুত কংগ্ৰেছ শাসনলৈ আহিছিল ১৯৬৭ চনতে ৷ তেতিয়া মাদ্ৰাছৰ পৰা তামিলনাডু গঠনেই হোৱা নাছিল ৷ তাৰ পাছৰে পৰা দক্ষিণৰ ৰাজ্যখন সলনাসলনিকৈ এ আই ডি এম কে আৰু ডি এম কেৰ দখলত আছে ৷কেৱল উত্তৰ প্ৰদেশ , বিহাৰ , মহাৰাষ্ট্ৰ , তামিলনাডু – কেৱল এই চাৰিখন ৰাজ্যত দুই শতাধিক লোকসভাৰ আসন আছে ৷ য’ত দীঘলীয়া সময় ধৰি কংগ্ৰেছ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰা নাই ৷ ইয়াৰ বাহিৰেও গুজৰাট , ওড়িশা , দিল্লী আদি ৰাজ্যত যে দলটো সোণকালে ক্ষমতালৈ ঘূৰি আহিব পাৰিব , তেনে আশা নকৰাই ভাল ৷ অসম আৰু সামগ্ৰিভাৱে উত্তৰ পূৰ্বাঞ্চলতো কংগ্ৰেছৰ অৱস্থা ডুবন্ত নাৱৰ দৰে ৷

প্ৰশ্ন হয় -কিয় আৰু কাৰ বাবে এনে দশা হ’ল কংগ্ৰেছৰ ? ক’ৰ পৰা কংগ্ৰেছৰ পতনৰ আৰম্ভণি ? এই প্ৰশ্নৰ উত্তৰৰ বাবে কেইটামান উদাহৰণেই যথেষ্ট ৷ ১৯৯৮ চনত কংগ্ৰেছৰ পৰা আতৰি আহি মমতা বেনাৰ্জীয়ে গঠন কৰিছিল তৃণমূল কংগ্ৰেছ ৷ দলটোৱে ধাৰাবাহিক তিনিটা কাৰ্যকালৰ বাবে পশ্চিমবংগ শাসন কৰি আছে ৷ ১৯৯৯ত কংগ্ৰছে দলৰ পৰা বহিষ্কাৰ কৰা দুগৰাকী নেতা আছিল শাৰদ পাৱাৰ আৰু পি এ চাংমা ৷ পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰত পাৱাৰৰ হাতত ধৰিয়েই কংগ্ৰছ ক্ষমতাৰ কক্ষপথত থাকিবলগীয়া হৈছে ৷ প্ৰয়াত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী ৷ অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ মূল নাবিক ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ মৃত্যৰ পাছত তেওৰ পুত্ৰ জগনমোহন ৰেড্ডীয়ে উচিত মৰ্যদা লাভ নকৰিলে ৷ পৰিণতিত জগনমোহন ৰেড্ডীয়ে গঠন কৰিলে ৱাই এছ আৰ কংগ্ৰেছ আৰু দলটো এতিয়া অন্ধ্ৰপ্ৰদেশৰ শাসনত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , হিমন্ত বিশ্ব শৰ্মাৰ দলত্যাগৰ কাহিনী নকলোৱেই যেনিবা ৷ শচীন পাইলটৰ ক্ষোভে কেতিয়া বিস্ফোৰণৰ ৰূপ লয় , তাৰ বাবে এতিয়া সময়ৰ অপেক্ষা মাথো ৷ প্ৰতিশ্ৰুতিসম্পন্ন নেতাসকলৰ প্ৰতি উপেক্ষা আৰু অৱদমন কংগ্ৰছেৰ পতনৰ যে অন্যতম মূল কাৰণ , তাক আৰু বেলেগকৈ প্ৰতিষ্ঠাৰ প্ৰয়োজন নাই ৷ ইয়াৰ বাহিৰেও আৰু বহু সামাজিক – ৰাজনৈতিক কাৰণ আছে ৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিয়ে প্ৰমাণ কৰিছে যে য’ত কংগ্ৰছৰ অকাল মৃত্যু হৈছে , তাতেই উত্থান হৈছে আঞ্চলিক শক্তিৰ ৷ এন চি পি ,আৰ জে ডি , এছ পি , টি এম চি , ৱাই এছ আৰ কংগ্ৰেছ , এন পি পি – এই দলসমূহেই ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷

অসমতো দুবাৰ ক্ষমতাৰ পৰা বাহিৰত থকাৰ পাছত কংগ্ৰেছে সোণকালে ককাল পোনাব পৰাৰ আশা ক্ষীণ ৷ অহংকাৰ এৰি বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে আন আন ৰাজ্যৰ দৰে অসমতো কংগ্ৰেছ দল কালব বুকুত জাহ যাবলৈ বেছি সময় নালাগিব ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.