আজি অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কিয় পালন কৰা হয় এই দিৱস?

Share This Article

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্থাৎ আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ভোগেশ্বৰ বৰুৱাই দুবাৰকৈ বেংককত অনুষ্ঠিত এছিয়ান গেমচত অংশগ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এছিয়ান গেমচত ১৯৬৬ চনত পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত ৰূপৰ পদক আঁজুৰি আনিছিল অসমী আইৰ সুযোগ্য সন্তান ভোগেশ্বৰ বৰুৱাই। বিগত প্ৰায় ৩৭টা বছৰে ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে অসমবাসীয়ে। দীৰ্ঘায়ু হওঁক অৰ্জুন ভোগেশ্বৰ বৰুৱা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.