অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই

Share This Article

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। প্ৰাপ্ত খবৰ অনুসৰি আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৪০ বছৰীয়া যশস্বী অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ আৰু দুই ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়। ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি আৰু ডান্স দিৱানে 3ত প্ৰেমিকা শ্বেহনাজ গিলৰ সৈতে উপস্থিত হৈছিল সিদ্ধাৰ্থ শুক্লা।
বিগ বছ 13-ৰ বিজয়ী সিদ্ধাৰ্থে হাম্পটি শৰ্মা কে দুলহানিয়াৰ দৰে চলচ্চিত্ৰতো দুৰ্দান্ত অভিনয় কৰিছিল। একতা কাপুৰৰ জনপ্ৰিয় অনুষ্ঠান ব্ৰোকেন বাট বিউটিফুল 3ত শেষ বাৰৰ বাবে দৰ্শকৰ সমুখলৈ আহিছিল শুক্লা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.