মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ মহম্মদৰ মাজত তালিবানৰ উদ্যোগত বৈঠক অনুষ্ঠিত হৈছিল।
আব্বাছ তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী আৰু ভাৰতৰ সৈতে তেওঁৰ পুৰণি সম্পৰ্ক আছে। বৈঠকখন দোহাৰ ভাৰতীয় দূতাবাসত অনুষ্ঠিত হৈছিল। শ্বেৰ মহম্মদে ১৯৮০ৰ দশকত ভাৰতত বাস কৰিছিল। তেওঁ ডেৰাডুনৰ সামৰিক একাডেমীত প্ৰশিক্ষণ লৈছিল। তেওঁ আফগান সামৰিক বাহিনীতো আছিল কিন্তু পিছত কালক্ৰমত তালিবানত যোগ দিছিল।
ইফালে ভাৰতে সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বৈঠকত মিত্তালে আব্বাছক কয় যে আফগানিস্তানৰ ভূমি সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰাৰ খবৰবোৰক লৈ ভাৰত চিন্তিত। ভাৰতৰ উদ্বেগ সন্দৰ্ভত আব্বাছে আশ্বাস দিয়ে যে তালিবান চৰকাৰে বিষয়টোত অতি সংবেদনশীলতাৰে নজৰ দিব।
এক বিশেষ বিবৃতি অনুসৰি আলোচনাৰ মূল সাৰমৰ্ম আছিল আফগানিস্তানত আৱদ্ধ ভাৰতীয় নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন আৰু নিৰাপত্তা। ভাৰতে তালিবান নেতাসকলক কৈছে যে আমি আফগানিস্তানৰ সংখ্যালঘুসকলৰ বিষয়েও চিন্তিত যিসকলে ভাৰতলৈ আহিব বিচাৰে। মিত্তালে আব্বাছক এইটোও কৈছে যে আফগানিস্তানৰ ভূমি কোনো ভাৰত বিৰোধী কাৰ্যকলাপ বা সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰিব হ’ব নালাগে।
শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কৈছিল যে ভাৰতে বৰ্তমান আফগানিস্তানৰ ক্ষেত্ৰত “অপেক্ষা আৰু নিৰীক্ষণ”ৰ ৰণনীতি লৈছে। এই সন্দৰ্ভত ঘনিষ্ঠ সহকৰ্মীসকলৰ সৈতেও আলোচনা চলি আছে।
তালিবানৰ দুজন মুখপাত্ৰই ইতিমধ্যে স্পষ্ট কৰি দিছে যে তালিবানৰ নতুন শাসনে বিচাৰে যে ভাৰতৰ সৈতে তালিবানৰ এক বাণিজ্যিক আৰু ৰাজনৈতিক সম্পৰ্ক গঢ়ি উঠক। শ্বেৰ মহম্মদে নিজেই দুদিন আগতে কৈছিল যে যদি পাকিস্তানে দুয়োখন দেশৰ মাজত বাণিজ্য পথ মুকলি কৰিবলৈ অনিচ্ছুক হয় তেন্তে এয়াৰ কৰিডৰৰ বিকল্প মুকলি আছে।
ইফালে তালিবানৰ সৈতে আলোচনাৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে বিৰোধী নেতাসকলে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে সামাজিক মাধ্যমত লিখিছিল যে অভিনন্দন! সন্ত্ৰাসবাদৰ সৈতে কোনো বুজা পৰা নকৰা মোডী চৰকাৰে তালিবানৰ সৈতে আলোচনা আৰম্ভ কৰিছে।
আনহাতে AIMIMৰ সভাপতি আসাদুদ্দিন ওৱাইচিয়ে কয় যে এনে আলোচনাই তালিবানক স্বীকৃতি দিয়াত সহায় কৰিব নেকি? ভাৰত ৰাষ্ট্ৰসংঘত তালিবানক নিষিদ্ধ কৰা সমিতিৰ অধ্যক্ষ। এতিয়া ভাৰতক এই তালিকাৰ পৰা আঁতৰাই দিয়া হ’ব নেকি?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post