হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

Share This Article
  • অৰূপ কলিতা

২৮ আগষ্ট ২০১৫ ৷ ৬ বছৰ আগৰ আজিৰ দিনটোৰ কথা ৷ এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ দলত সুদীৰ্ঘ কাল কটোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানে অসমৰ ৰাজনীতিৰ বতাহো সলনি কৰি দিছিল ৷ বিজেপিত যোগদানৰ ছবছৰৰ ভিতৰতে তেওক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল ৷ কংগ্ৰেছত দুটা দশক কটোৱাৰ পাছতো কিন্তু তেও মুখ্যমন্ত্ৰীত্বৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ শেষত সেই সপোন আধৰুৱা হৈ ৰোৱাত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিবলগীয়া হ’ল ৷ অথচ কংগ্ৰেছৰ মূল নেতা ৰাহুল গান্ধী আছিল হিমন্ত বিশ্ব শৰ্মাৰ সমসাময়িক ৷ কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

স্কুল

ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী – বয়সৰ জোখত দুয়োজন সমসাময়িক ৷ৰাহুল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মা  মাত্ৰ ১৬ মাহৰ জ্যেষ্ঠ ৷ ড: শৰ্মাৰ জন্ম ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত৷ ৰাহুল গান্ধীৰ ১৯৭০ চনৰ ১৯ জুনত ৷ দুয়োজন ৰাজনীতিকেই কেৰিয়াৰৰ পাতনি মেলিছে কংগ্ৰেছ দলৰ মজিয়াত ৷ একেটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা দুয়োজন নেতাৰ মাজত থাকিব লাগিছিল গভীৰ আন্তৰিক সম্পৰ্ক ৷একেটা প্ৰজন্মৰ নেতা হোৱাৰ সূত্ৰে তেওলোক হ’ব লাগিছিল অভিন্ন হৃদয়ৰ বন্ধু ৷ আনন্দ বা দুৰ্যোগৰ মুহূৰ্তত  ইজন সিজনৰ বাবে সহায়ৰ হাত হ’ব লাগিছিল ৷ কিন্তু নহ’ল ৷বৰং এনে এটা সময় আহিল , যেতিয়া ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ তুলি ড: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ’ল ৷

বয়স অনুসৰি দুয়োজন ৰাজনীতিক যদিও একে সময়ৰ , একে বয়সৰ  তেওলোকৰ গতিপথ  কিন্তু সম্পূৰ্ণ ভিন্ন ৷ কাহিনী আৰম্ভ কৰা যাওক স্কুলৰ পৰাই ৷ ১৯৮৪ চনত হিমন্ত বিশ্ব শৰ্মা আছিল কামৰূপ একেডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ সেইবছৰ তেও বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ একেটা বছৰত ৰাহুল গান্ধীক নিৰাপত্তাজনিত কাৰণত বোৰ্ডিঙ স্কুলৰ পৰা আনি নামভৰ্তি কৰোৱা হয় দিল্লীৰ সম্ভ্ৰান্ত চেইন্ট কোলুম্বা স্কুলত ৷ ১৯৮৪ ৰ অক্টোবৰ মাহৰ শেষৰ দিনটোত ৰাহুল বিদ্যালয়ত থাকোতেই দেহৰক্ষীয়ে ঘৰতে গুলীয়াই হত্যা কৰে নিজৰ আইতাক ইন্দিৰা গান্ধীক ৷ তাৰ পাছতেই ৰাহুলৰ স্কুলীয়া আনুষ্ঠানিক শিক্ষাৰ সামৰণি পৰিল ৷ ৰাহুল আৰু  প্ৰিয়ংকাক ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাৰ ব্যৱস্থা কৰোৱা হয় ৷ অৰ্থাৎ যিটো বছৰত হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজহুৱা জীৱনৰ পাতনি মেলে সেই  একেটা বছৰত ৰাহুল গান্ধীৰ গৃহবন্দিত্ব আৰম্ভ হয় ৷ তাৰ পৰৱৰ্তী বছৰত হিমন্ত আহি কটন কলেজৰ ছাত্ৰ হয় আৰু ছাত্ৰ ৰাজনীতিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে ৷ৰাহুল গান্ধীৰ শিক্ষা জীৱন তেতিয়াও ঘৰৰ চাৰিবেৰৰ মাজৰ পৰাই চলি থাকে ৷

কলেজ

দুয়োজনৰ জীৱনত ১৯৮৯ চনটোৰ আছে বিশেষ গুৰুত্ব ৷ ১৯৮৮- ৮৯ বৰ্ষত  হিমন্ত বিশ্ব কটন কলেজৰ সাধাৰণ সম্পাদক হিচাপে বিজয়ী হয় ৷ একেটা বছৰত ৰাহুলৰ নামভৰ্তি হয় দিল্লীৰ চেইন্ট ষ্টিফেন্স কলেজত ৷বন্দুকধাৰী জোৱানৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেও কলেজীয়া জীৱন আৰম্ভ কৰে ৷  কিন্তু স্পোৰ্টছ কোটাত ৰাহুল গান্ধীৰ নামভৰ্তিৰ বিষয়টোক ৰাজনৈতিক ইছ্যুৰ ৰূপত তুলি ধৰে বিৰোধী দল বিজেপিয়ে ৷ তুমুল বিতৰ্ক হ’ল ৰাহুলৰ এডমিছনক লৈ ৷ অৱশেষত ১৯৯০ চনত তেও দিল্লী এৰি আমেৰিকাৰ ৰোলিন্স কলেজত নামভৰ্তি কৰেগৈ ৷ হিমন্তই ৰাজনীতিৰ ডাঙৰ ডাঙৰ সপোনবোৰ দেখিবলৈ লোৱা সময়ছোৱাত আমেৰিকাৰ ফ্লোৰিডাত ৰাহুলে কটাবলৈ লয় একাকীত্বৰ জীৱন ৷

ৰাজনীতি

১৯৯১ – ৯২ চনত তৃতীয়বাৰৰ বাবে কটন কলেজৰ সাধাৰণ সম্পাদক হিচাপে বিজয়ী হৈ হিমন্ত নতুন অভিলেখৰ গৰাকী হয় ৷ তেতিয়াই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্বাবধানত  ৰাজনীতিৰ আদিপাঠ শিকিবলৈ লয় ৷ এই সময়ছোৱাতে , ১৯৯১ চনৰ ২১ মে’ত ৰাহুল গান্ধীলৈ ভাৰতৰ পৰা এটা জৰুৰী খবৰ যায় – তেওঁৰ পিতৃ ৰাজীৱ গান্ধী নিহত হৈছে ৷তামিলনাডুৰ এখন ভিতৰুৱা গাঁৱত ,এল টি টি ইৰ এক ভয়াবহ আক্ৰমণত ৷ আইতাকৰ পাছত পিতৃৰ নৃশংস হত্যাকাণ্ডই ৰাহুল গান্ধীক আকৌ এবাৰ জোকাৰি গ’ল ৷ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ ময়দানত আনুষ্ঠানিক আত্মপ্ৰকাশৰ প্ৰস্তুতি চলাই থকা সময়ত ৰাহুল গান্ধীয়ে নিৰাপত্তাৰ খাতিৰত নিজৰ পৰিচয় লুকুৱাবলগীয়া হ’ল ৷অসমত কংগ্ৰেছৰ সম্ভাৱনাপূৰ্ণ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক অনুশীলন আৰম্ভ কৰে আৰু বিদেশত ৰাহুল গান্ধীয়ে  নিজৰ পৰিচয় লুকুৱাই অধ্যয়ন চলাই নিয়ে ৷ ২০০১ চনত হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয় ৷ তাৰ তিনিবছৰ পাছত , ২০০৪ত আমেথিৰ সাংসদ হিচাপে বিজয়ী হৈ ৰাহুল গান্ধীয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলে ৷ গন্তব্য একে হ’লেও দুটা পৃথক গতিপথেৰে অব্যাহত থাকে দুজন সমসাময়িক নেতাৰ ৰাজনৈতিক যাত্ৰা ৷

হিমন্তই নিজৰ শৈলীৰে ৰাজনীতিৰ কঠিন বাটত অগ্ৰসৰ হ’ল , ৰাহুলে পাৰিবাৰিক পৰিচয় সূত্ৰে  দলত যথাযোগ্য স্থান লাভ কৰিলে  ৷ এসময়ত ৰাজনীতিত দুয়ো পৰিণত বয়সত উপনীত হ’ল ৷ দলৰ মজিয়াত  নিজৰ নিজৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময় আহি পৰিল ৷ ২০১১ চনত অভিলেখসংখ্যক আসনেৰে অসমত কংগ্ৰেছ আকৌ শাসনলৈ আহিল ৷ এই বিজয়ে অধিক আত্মবিশ্বাসী কৰি তুলিলে হিমন্ত বিশ্ব শৰ্মাক ৷ ইফালে , ২০১২ চনৰ উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ অৱতীৰ্ণ হৈছিল ৰাহুল গান্ধীৰ নেতৃত্বত ৷ ফলাফল হ’ল অতি শোচনীয় ৷ ৰাহুল গান্ধীৰ যোগ্যতাক লৈ ব্যাপক প্ৰশ্নৰ অৱতাৰণা কৰা হ’ল ৷ ইপিনে , ধাৰাবাহিক তৃতীয়টো নিৰ্বাচনত বিজয়ে হিমন্ত বিশ্ব  শৰ্মাক অধিক উচ্চাকাংক্ষী কৰি তুলিলে ৷

বিসম্বাদ

২০১২ চনটোৰো বিশেষ গুৰুত্ব আছে ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা  হ’ল ৬ মাৰ্চত ৷ কংগ্ৰেছে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত লাভ কৰিলে মাত্ৰ ২৮ খন আসন ৷ ২০০৯ ৰ লোকসভা নিৰ্বাচনতকৈ প্ৰায় ৭ শতাংশ ভোট কমিল ৷ সেইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ এইগৰাকী নেতাৰ জন্ম ১৯৭৩ চনত ৷ হিমন্ত বিশ্ব শৰ্মাতকৈ ৩ বছৰ আৰু ৰাহুল গান্ধীতকৈ ৪ বছৰ সৰু ৷ ইফালে , অসমত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ দূৰত্ব ক্ৰমাৎ বাঢ়ি আহিবলৈ ধৰিলে ৷২০১২ ৰ এপ্ৰিলৰ শেষৰফালে এই দূৰত্বই সংঘাতৰ ৰূপ ল’লে ৷ ১ মে’ত হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আমেৰিকালৈ ৰাওণা হ’ল ৷   তৰুণ গগৈয়ে ইয়াৰ ভূ- ভাই নাপালে৷ খবৰ ওলাল – গগৈক উপ- ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰাৰ প্ৰস্তাৱ দি হিমন্ত নিজে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে ৷ তেও আমেৰিকাৰ পৰা ঘূৰি অহালৈ অসম কংগ্ৰেছ দুটা মেৰুত বিভক্ত হৈ পৰিল ৷ গগৈ শিবিৰ আৰু হিমন্ত শিবিৰ ৷ যুঁজ- বাগৰ , বিসম্বাদ চলি থাকিল ৷ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্ব এৰিলে , আকৌ মন্ত্ৰীসভালৈ উভতি আহিল ৷ তেতিয়াও বিবাদৰ কোনো সমাধানসূত্ৰ নোলাল , বৰং মিমাংসাৰ কথাবোৰ দীৰ্ঘসূত্ৰী হৈ গৈ থাকিল ৷

সংঘাত

২০১৪ চন ৷ দেশৰ ৰাজনীতিত বছৰটো যিমানেই ঘটনাবহুল ,ৰাহুল গান্ধী- হিমন্ত বিশ্ব শৰ্মাৰ জীৱনতো এইছোৱা সময়ৰ  সিমানেই তাৎপৰ্য আছে ৷ এহাতে নৰেন্দ্ৰ মোদীৰ দিল্লীত সবল আত্মপ্ৰকাশ ,আনহাতে ৰাহুল গান্ধীৰ ক্ৰমাগত পৰাজয়ে  দেশৰ ৰাজনীতি সলনিৰ শক্তিশালী ইংগিত বহন কৰিছিল ৷ তেনেসময়তে ৰাহুল গান্ধী ছুটী কটাবলৈ বিদেশীলৈ গ’ল ৷ হিমন্ত গ’ল দিল্লীলৈ ৷ ছোনিয়া গান্ধী , আহমদ পেটেলক মুখামুখিকৈ ক’লে – “অসমত যদি পৰৱৰ্তী নিৰ্বাচন জিকিব খোজে তেনেহ’লে নেতৃত্বৰ প্ৰজন্ম সলনি কৰিবই লাগিব ৷” কংগ্ৰেছ হাইকামাণ্ড পতিয়ন গ’ল আৰু মল্লিকাৰ্জুন খৰ্গেক অসম ভ্ৰমণ কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিলে ৷ খৰ্গে অসমলৈ আহিল ৷ ব্ৰক্ষ্মপুত্ৰ অশোকাত হাইভল্টেজ বৈঠক ৷ ৫৫ গৰাকী কংগ্ৰেছ বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত স্বাক্ষৰ কৰিলে ৷ মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ পূৰ্ণগতিত আৰম্ভ হ’ল ৷ খৰ্গে দিল্লী পোৱালৈ ৰাহুল গান্ধীও বিদেশৰ পৰা আহি পালে ৷ আহিয়েই হিমন্তৰ বাটৰ হেঙাৰ হৈ থিয় দিলে ৷ তৰুণ গগৈক সলনি কৰাৰ মুঠেও পক্ষপাতী নহয় ৰাহুল ৷ স্পষ্টকৈ জনাই দিলে শীৰ্ষ নেতৃত্বক ৷ অসমৰ ৰাজনীতিলৈ আকৌ স্থবিৰতা আহি পৰিল ৷ কিন্তু বিদ্ৰোহৰ জুইকুৰা তেতিয়াও উমি উমি জ্বলি থাকিল ৷

২০১৫ চন ৷ তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োটা শিবিৰৰ সঘন আহ – যাহ চলি আছে দিল্লীলৈ ৷ দুয়োপক্ষৰ সংঘাতৰ শেষ নিষ্পত্তিৰ বাবে ৰাহুল গান্ধীৰ বাসভবনত বৈঠকৰ আহ্বান কৰা হ’ল ৷ তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত , হিমন্ত বিশ্ব শৰ্মা নিৰ্দিষ্ট সময়ত যথাস্থানত উপস্থিত হ’ল ৷ হিমন্ত বিশ্ব শৰ্মাই ক’বলৈ আৰম্ভ কৰিছিলহে  মাত্ৰ ,৫ মিনিট শুনাৰ পাছত খঙত  গুজৰি উঠিল ৰাহুল – “চাওক আপুনি কি বিচাৰে তাক লৈ মই চিন্তিত নহও ৷ বাকী কথা চি পি যোশীৰ লগত পাতিব ৷ তেও আপোনাৰ সমস্যা সমাধান কৰি দিব ৷ মোৰ ওচৰলৈ দুনাই নাহিব ৷” সেইদিনাই হিমন্তৰ প্লেটৰ বিস্কুট নিজৰ কুকুৰক খাবলৈ দিছিল ৰাহুল গান্ধীয়ে ৷ চৰম অপমান বোধ কৰি  দিল্লীৰ পৰা উভতি আহিল হিমন্ত বিশ্ব শৰ্মা ৷

সিদ্ধান্ত

তেতিয়াও  সকলো শেষ হৈ যোৱা নাছিল ৷ইয়াৰ পাছৰ ঘটনাখিনি হিমন্ত বিশ্ব শৰ্মাই খুলি কৈছিল সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ আগত ৷ সৰদেশায়ে “২০১৯ :হাও মোদী ৱন ইন্ডিয়া “ গ্ৰন্থখনত উল্লেখ কৰা মতে , হিমন্ত বিশ্ব শৰ্মাৰ মনত তেতিয়াও এটা আশা আছিল যে  সভানেত্ৰী ছোনিয়া গান্ধীয়ে নিশ্চয় এটা উচিত সিদ্ধান্ত ল’ব ৷ ছোনিয়া গান্ধীৰ পৰা তেও সাক্ষাতৰ অনুমতি বিচাৰিলে ৷ এসময়ত নিমন্ত্ৰণ আহিল ৷ কিন্তু কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে সিদিনা তেওৰ বাসভবন ১০ , জনপথৰ পিছদুৱাৰেদিহে হিমন্তক প্ৰবেশ কৰিবলৈ ক’লে ৷ ইয়াৰ কাৰণ সোধোতে উত্তৰ আহিল – “চোৱা হিমন্ত , তুমিও এজন পিতৃ আৰু অভিভাৱক ৷ এগৰাকী মাতৃ হিচাপে মই মোৰ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে যাব নোৱাৰো ৷ তুমি পাৰিবা জানো?”

হিমন্ত বিশ্ব শৰ্মাৰ আৰু বুজিবলৈ একো বাকী নাথাকিল ৷ ২০১৫ চনৰ জুলাই মাহত তেও কংগ্ৰেছ ত্যাগ কৰিলে আৰু ২৮ আগষ্টত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷ তাৰ পাছৰখিনি সকলোৰে চকুৰ আগত ঘটি গ’ল ৷

বিজেপিত যোগদানৰ পাছত হিমন্ত বিশ্ব শৰ্মাই উভতি চাবলগীয়া হোৱা নাই ৷ ছটা বছৰ অপেক্ষাৰ পাছত তেও আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত ৷

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.