ৰাজহুৱা খণ্ডক বিক্ৰীৰে ৬ লাখ কৌটি উপাৰ্জন : কি কয় ৰাহুল গান্ধীয়ে ?

Share This Article

ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ৷ কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি তেও কয় যে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ এটা শ্ল’গান আছিল যে বিগত ৭০ বছৰত দেশত একো কাম হোৱা নাই ৷কিন্তু সোমবাৰে বিত্তমন্ত্ৰীয়ে যিসমূহ সম্পদ বিক্ৰীৰ কথা ঘোষণা কৰিলে , সেই সকলো সম্পদ গঢ়ি উঠিছিল যোৱা ৭০ বছৰত ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সকলো বিক্ৰী কৰি দিলে ৷

ৰাহুল গান্ধীয়ে আৰু কয় – ‘ৰেলৱেক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিছে ৷মানে আপোনালোকৰ কৰ্মসংস্থাপণ কাঢ়ি নিছে ৷ মোদীয়ে নিজৰ বন্ধুৰ লগত কথা পতাত ব্যস্ত ৷ ১০৭ টা কয়লা খনি , ২৫ টা বিমান বন্দৰ কাৰ হাতলৈ গৈছে সেয়া সকলোৱে জানে ৷আমি ব্যক্তিগতকৰণৰ বিৰোধী নহয় ৷ আমাৰ চৰকাৰেও ব্যক্তিগতকৰণ কৰিছে কিন্তু তাৰ লগত যুক্তি থকা উচিত ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.