৪০ লাখ টকা , প্ৰেমিকাসহ পলায়ন কৰা  কোন এইজন দুৰ্ধৰ্ষ মাওবাদী ?

Share This Article

মাওবাদী ৷ বহু চৰ্চিত , বহু বিতৰ্কিত এটি শব্দ ৷ চৰকাৰৰ সজোৰ বিৰোধিতা কৰাসকলক মাওবাদী সজোৱাৰ অভিযোগো দীৰ্ঘদিন ধৰি উত্থাপণ হৈ আহিছে ৷ মাওবাদী মানেই যেন দুৰ্ধৰ্ষ গেৰিলা , দেশৰ প্ৰতি ভাবুকি ৷ কিন্তু এজন মাওবাদী নেতাৰ কাহিনীয়ে এতিয়া সংবাদমাধ্যমৰ শিৰোণাম দখল কৰিছে ৷  এইজন মাওবাদী নেতাৰ বিৰুদ্ধে দলীয় পুঁজিৰ ৪০ লাখ টকা হৰলুকি কৰি প্ৰেমিকাক পলুৱাই নিয়াৰ অভিযোগ উত্থাপণ হৈছে ৷কিন্তু কোন এই মাওবাদী নেতা?

মহাৰাজ প্ৰামাণিক ৷ মাওবাদীৰ এজন শীৰ্ষস্থানীয় নেতা ৷ কিন্তু তেও শেহতীয়াকৈ প্ৰেমিকাৰ সৈতে দলীয় স্কোৱাড এৰি পলায়ণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ লগত লৈ গৈছে দলৰ ৪০ লাখ টকাৰ পুঁজি , একাধিক বন্দুক , বেছ কিছু কাৰ্টিজ , ৱাকীটকী , মোবাইল ফোন আৰু বিভিন্ন সামগ্ৰী ৷ এই অপৰাধৰ বাবে মহাৰাজ প্ৰামাণিকক গণ আদালতত শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে চি পি আই- মাওবাদীয়ে ৷মাওবাদী সংগঠনটোৰ দক্ষিণ সংমণ্ডল সমিতিৰ মুখপাত্ৰ অশোকত প্ৰকাশিত এক বিবৃতিত এই  কথা ঘোষণা কৰা হৈছে ৷

ধন আৰু প্ৰেমিকাসহ শিবিৰৰ পৰা পলায়ণ কৰা মাওবাদী নেতা মহাৰাজৰ ঘৰ হ’ল ঝাৰখণ্ডৰ খৰছোৱা জিলাৰ দাৰুদা গাঁৱত ৷ এসময়ত চাকৰি কৰিছিল ঝাৰখণ্ড আৰক্ষীৰ গাড়ীচালক হিচাপে ৷ কিন্তু পুলিচৰ চাকৰি কৰি থাকোতেই ২০০৮ চনত একাধিক চুৰিৰ গোচৰত তেও দুবাৰকৈ জেললৈ যাবলগীয়া হয় ৷

জেলৰ পৰা ওলায়েই মাওবাদীৰ সম্পৰ্কলৈ আহে মহাৰাজ ৷ সাংগঠনিক ক্ষমতাত দক্ষ হোৱা বাবেই অতি সহজতে তেও আঞ্চলিক আৰু জ’নেল কমিটীত স্থান লাভ কৰে ৷২০১১ চনত তেও প্ৰথমবাৰ সাধাৰণ স্কোৱাডৰ সদস্য পদ লাভ কৰে ৷ তাৰ পাছত ২০১৫ চনত জোনেল কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ কিছুদিন পূৰ্বে মহাৰাজক দিয়া হয় দক্ষিণ জোনেল কমিটীৰ তত্বাবধায়কৰ দায়িত্ব ৷

২০১১ চনত এৰিয়া কমিটীৰ সদস্য হোৱাৰ পাছতে মাৰাজৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে দলৰ আন এগৰাকী সদস্য বেলুন চৰ্দাৰৰ সৈতে ৷ বেলুনৰ ঘৰ ঝাৰখণ্ডৰে খৰছোৱা জিলাত ৷ দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা আগৰে পৰা জানিছিল মাওবাদীৰ শীৰ্ষ নেতৃত্বই ৷ কিন্তু সেয়া ব্যক্তিগত বিষয় বুলি কোনো হস্তক্ষেপ কৰা নাছিল ৷সেই প্ৰেমিকাক লৈয়ে স্বাধীনতা দিৱসৰ পূৰ্বে পলায়ন কৰে মহাৰাজ প্ৰামাণিকে ৷

মহাৰাজ প্ৰামাণিক কোনো এলা  পেচা মাওবাদী কেডাৰ নাছিল ৷ তেওৰ বিৰুদ্ধে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ বিভিন্ন থানাত ৰুজু হৈ আছে একাধিক গোচৰ ৷ঝাৰখণ্ডৰ  খৰছোৱা জিলাৰ তিৰুলডিহি থানা এলেকা  , পুৰুলিয়া জিলাৰ বাঘমুণ্ডি এলেকাত ভয়ানক সংঘৰ্ষ আৰু লুটপাতৰ প্ৰধান অভিযুক্ত আছিল মাওবাদী নেতা মহাৰাজ ৷ কেৱল ঝাৰখণ্ডতে মহাৰাজৰ বিৰুদ্ধে ৰুজু হৈ আছে ২৫ টা গোচৰ ৷ সম্প্ৰতি ঝাৰখণ্ডতে এইগৰাকী মাওবাদী নেতাৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা হৈছে ১০ লাখ টকা ৷কিন্তু এইগৰাকী দুৰ্ধৰ্ষ মাওবাদী নেতাই প্ৰেমিকাক লৈ ৪০ লাখ টকাসহ পলায়ন কৰাৰ ঘটনা এতিয়া পোহৰলৈ আহিছে ৷ এই কথা চি পি আই- মাওবাদীয়ে নিজৰ মুখপত্ৰত নিজে ঘোষণা কৰিছে ৷ মাওবাদীৰ নেতৃত্বই জনোৱা মতে , বিগত ২২ জুনত মাওবাদীৰ শিবিৰ এৰি গৈছিল মহাৰাজ প্ৰামাণিকে ৷ এমাহ ধৰি পুলিচৰে যোগাযোগ কৰাৰ পাছত ২৬ জুলাইত পুণৰ উভতি আহে শিবিৰলৈ ৷ পুলিচৰ লগত চক্ৰান্ত কৰি স্কোৱাডৰ সকলো সদস্যকে গ্ৰেপ্তাৰ কৰোৱাৰ পৰিকল্পনা কৰিছিল মহাৰাজে ৷ কিন্তু আন সদস্যসকলৰ তেওৰ ওপৰত সন্দেহ হয় ৷ এই কথা জানিব পাৰিয়েই মহাৰাজে দলীয় পুঁজিৰ ৪০ লাখ টকা , বন্দুক বাৰুদসহ নিজৰ প্ৰেমিকাক লৈ পলায়ন কৰে ৷ এইগৰাকী মাওবাদী নেতাক গণ আদালতত শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে মাওবাদী সংগঠনটোৱে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.