Investigative reporting with dedication.

সমালোচনা আৰু সম্বর্ধনাৰ মাজত আজি অন্ত পৰিব সৰ্বানন্দ সোণোৱালৰ জন আশীর্বাদ যাত্ৰা।কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত বিগত শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিল সর্বানন্দ সোণোৱাল।সেইদিনাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা।
জন আশীর্বাদ যাত্ৰাৰ অংশ হিচাপে শনিবাৰে দিনটোত কামৰূপ জিলাৰ কেইবাটাও স্থানত সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে কেইবাখনো সভাত অংশগ্ৰণ কৰে সর্বানন্দ সোণোৱালে৷দেওবাৰে গুৱাহাটীৰ পৰা জাগীৰোড, বটদ্ৰৱা, নগাঁও হৈ যোৰহাটত উপস্থিত হয় সর্বানন্দ সোণোৱাল।
সোমবাৰে উজনী অসমৰ কেইবাটাও স্থানত জন আশীৰ্বাদ যাত্ৰাত ভাগ লোৱাৰ পাছতে সমাপ্ত হ’ব সর্বানন্দ সোণোৱালৰ জন আশীর্বাদ যাত্ৰা।




