এডভান্টেজ আছাম : ১ লাখ কৌটি বিনিয়োগৰ কথা আছিল , প্ৰকৃততে বিনিয়োগ হ’ল কিমান ?

Share This Article

২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ অনুষ্ঠান৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ৷ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ৷তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা৷

‘এডভান্টেজ আছাম’ত প্ৰস্তাব লোৱা হৈছিল-অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ৷কিন্তু তিনিটা বছৰৰ পিছত কিমান টকাৰ বিদেশী বিনিয়োগ হ’ল অসমত?কিমান বিদেশী বিনিয়োগ ঘটিল অসমৰ উদ্যোগখণ্ডত?

সেই প্ৰশ্নকেই আজি বিধানসভাত উত্থাপন কৰিছিল শিবসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷অখিল গগৈয়ে সুধিছিল-২০০১ চনৰ পৰা ২০২১ চনলৈ অসমত কিমান প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে?২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ পিছত অসমত বিদেশী বিনিয়োগ বৃদ্ধি পালেনে?

প্ৰশ্নৰ উত্তৰত উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দাঙি ধৰিলে বিদেশী বিনিয়োগৰ সবিশেষ তথ্য৷চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰ-২০০১ চনৰ পৰা ২০২১ চনলৈ অসমত সর্বমুঠ ৭৩৯.৭০ কোটি টকাৰ বিদেশী বিনিয়োগ ঘটিছে৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী-২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ বাবে অসমত প্ৰত্যক্ষ বিনিয়োগ বৃদ্ধি পাইছে৷কিয়নো, ২০১৮ চনত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল ৬২ কোটি টকা আৰু ২০১৯ চনত হয়গৈ ৮০ কোটি টকা৷কিন্তু পৰৱর্তী ২০২০ চনত এই পৰিমান ৫৯ কোটি টকা আৰু ২০২১ চনৰ মার্চ মাহলৈ ২৬ কোটি টকা৷

কিন্তু এইখিনিতে প্ৰশ্ন হয় ,এডভান্টেজ আছামত অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ প্ৰস্তাব লোৱা হৈছিল৷এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ কথাৰে চৰকাৰে ব্যাপক প্ৰচাৰ চলাইছিল ৷ এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগেৰে অসমৰ উদ্যোগখণ্ডৰ দ্ৰুত বিকাশৰ সপোন দেখুওৱা হৈছিল৷কিন্তু এডভান্টেজ আছামৰ পাছৰ তিনিবছৰত অসমত বিদেশী বিনিয়োগ ঘটিল মাত্ৰ ১৬৫ কোটি টকাৰ ৷ এক লাখ কৌটি এতিয়াও যেন দূৰ আকশৰ তৰা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.