মিজোৰাম ভ্ৰমণত নাথাকিব বাধা – নিষেধ : আইজলৰ বৈঠকত কি সিদ্ধান্ত হ’ল ?

Share This Article

এতিয়াৰে পৰা অসমৰ নাগৰিকে মিজোৰাম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা নিষেধ ৷ মিজোৰাম ভ্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে জাৰি কৰা পূৰ্বৰ সতৰ্কতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷আজি আইজলত অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসম চৰকাৰৰ হৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা , কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল , সীমান্ত উন্নয়ন বিভাগৰ আয়ুক্ত জি ডি ত্ৰিপাঠী আৰু মিজোৰাম চৰকাৰৰ হৈ গৃহমন্ত্ৰী লালচামলিয়ানা , গৃহ সচিব ভানলালনগাথচাকাই বৈঠকত অংশগ্ৰহণ কৰে ৷ বৈঠকৰ শেষত দুয়োপক্ষই জাৰি কৰা এক যুটীয়া বিবৃতিত উল্লেখ কৰে যে সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী নিয়োগ কৰাৰ সিদ্ধান্তক দুয়োখন ৰাজ্যৰ চৰকাৰে আদৰণি জনাইছে ৷ এতিয়াৰে পৰা ৰাজ্যদুখনে নিজা আৰক্ষী আৰু বনৰক্ষী বাহিনীক সীমান্তলৈ প্ৰেৰণ নকৰে ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে সীমান্ত অঞ্চলত শান্তি – সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল’ব ৷ মিত্ৰতাৰ মাজেৰেই সীমা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰদুখনে গুৰুত্ব দিব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় ৷

অসম – মিজোৰামৰ যুটীয়া বিবৃতি
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.