উত্তৰ প্ৰদেশত বাজিছে নিৰ্বাচনী বিকুল : সমাজবাদী পাৰ্টীৰ কি কৌশল ?

Share This Article

দেশৰ  লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ ত উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিকুল এতিয়াই বাজি উঠিছে ৷ দেশৰ বৃহত্তম ৰাজ্যখনত আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে বিজেপি এতিয়াৰে পৰা সৰ্বশক্তিৰে নামি পৰিছে ৷ বহি থকা নাই বিৰোধীও ৷বি এছ পিৰ ব্ৰাক্ষ্মণ সন্মিলন , বিজেপিৰ মন্থন সন্মিলনৰ মাজতে প্ৰাক্তণ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী প্ৰেক্ষাপট তৈয়াৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷বৃহস্পতিবাৰে লক্ষ্ণৌত অখিলেশ যাদৱৰ নেতৃত্বত উলিওৱা হয় এটা বৃহৎ চাইকেল সমদল ৷ সমাজবাদী পাৰ্টীৰ পূৰ্বৰ নেতা জনেশ্বৰ সিঙৰ সোঁৱৰণত এই চাইকেল সমদল উলিওৱা হয় ৷ অখিলেশ যাদৱে নেতৃত্ব দিয়া  সমদলত দলটোৰ সকলো জিলাৰ জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ দাবী কৰা সমাজবাদী পাৰ্টীয়ে এইবাৰ ৰাজ্যখনত চৰকাৰ গঠনত সফল হ’ব বুলিও আশা প্ৰকাশ কৰিছে ৷বৃহস্পতিবাৰৰ চাইকেল সমদলৰ জড়িয়তে সমাজবাদী পাৰ্টীয়ে মূল্যবৃদ্ধি , কৃষি আইন , নিৱনুৱা সমসয়া আদি বিষয়ক লৈ প্ৰতিবাদমুখৰ হোৱা দেখা যায় ৷অখিলেশ যাদৱে ইতিমধ্যে কেবাটাও সৰু সৰু দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ কথা ঘোষণা কৰিছে আৰু নিজ দলৰ কৰ্মকৰ্তাসকলক সক্ৰিয় হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

কৃষক আন্দোলনে আনি দিছে সুযোগ

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সুযোগ লৈ সকলো বিৰোধী দলেই নিজকে পুণৰুজ্জীৱিত কৰাৰ চেষ্টা চলাই আছে ৷ সকলো দলেই হিচাপ নিকাচ কৰিছে যে যদিহে কৃষক আন্দোলন নিৰ্বাচনৰ সময়লৈকে অব্যাহত থাকে তেনেহ’লে পশ্চিম উত্তৰ –প্ৰদেশত ১২০ খন আসনত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব ৷ লাহে লাহে ইয়াৰ ৰাজনৈতিক প্ৰভাৱ ৰাজ্যখনৰ আন আন প্ৰান্তলৈও বিয়পি পৰিব ৷ আনাহাতে , কৃষক সংগঠনসমূহে অহা ৫ ছেপ্তেম্বৰত মুজাফ্ফৰনগৰত মহাপঞ্চায়তৰ আ্হ্বান জনাইছে ৷ এই মহাপঞ্চায়ততে তেওলোকে নিৰ্বাচনত ল’ব লগা ভূমিকা সন্দৰ্ভতো সিদ্ধান্ত ল’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.