ভাৰতৰ হকী দলক বছৰি ২০ কৌটিকৈ টকা দিয়া মুখ্যমন্ত্ৰীগৰাকী

Share This Article

টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলেই ইতিহাস ৰচনা কৰিছে ৷ ৪১ বছৰৰ বিৰতিত ভাৰতৰ মহিলা হকী দলে আজি প্ৰৱেশ কৰিছে অলিম্পিকৰ ছেমি ফাইনেলত ৷ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি মহিলা হকী দলটো ছেমি ফাইনেললৈ ধাৱমান হয় ৷ আনহাতে , ইয়াৰ পূৰ্বেই ছেমিফাইনেলত প্ৰৱেশ কৰিছে পুৰুষৰ হকী দলটোৱে৷ দীৰ্ঘদিনৰ পাছত ভাৰতীয় হকী দলৰ এই সফলতাৰ লগে লগে চৰ্চালৈ আহিছে দেশৰ এগৰাকী মুখ্যমন্ত্ৰী ৷ তেও নবীন পাটনায়ক ৷ উৰিষ্যাৰ মুখ্যমন্ত্ৰী৷ এইগৰাকী মুখ্যমন্ত্ৰীয়ে ২০১৮ চনৰ পৰাই ভাৰতৰ দুয়োটা হকী দলক স্পনছৰশ্বিপ আগবঢ়াই আহিছে ৷ সেই বছৰটোত উৰিষ্যাই আয়োজন কৰিছিল হকী বিশ্বকাপ ৷ তেতিয়াৰ পৰাই উৰিষ্যাৰ মাইনিঙ কৰ্পোৰেশ্যনৰ জড়িয়তে নবীন পাটনায়কে ভাৰতৰ পুৰুষ আৰু মহিলা হকী দলৰ পৃষ্ঠপোষকতা কৰি আহিছে ৷ পাটনায়কে দুয়োটা দলক বছৰি ২০ কৌটিকৈ টকা প্ৰদান কৰে ৷ ডোন স্কুলত পঢ়ি থকা সময়ত নবীন পাটনায়ক আছিল স্কুলৰ হকী দলৰ গ’লকীপাৰ৷ হকীৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবেই তেও ভাৰতৰ হকী দলক নীৰৱে সহায় আগবঢ়াই আহিছে ৷ আজি ভাৰতীয় হকী দলে সফলতা লাভ  কৰা সময়ত বিশেষভাৱে চৰ্চিত হৈছে নবীন পাটনায়কৰ অৱদানৰ কথা ৷ যিসময়ত ভাৰতৰ বেছিভাগ ৰাজনীতিকে ক্ৰীড়া সংস্থাত প্ৰভূত্ব বিস্তাৰৰ বাবে কূটনীতি – ৰাজনীতিৰ আশ্ৰয় লৈ আহিছে , তেনেসময়ত নবীন পাটনায়ক ব্যতিক্ৰম ৰূপত বিশ্ববাসীৰ সন্মুখত উজলি উঠিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.