সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি হব থাওৰা উপ নির্বাচনত?কি হব কুশল দুৱৰীৰ,কোন হব বিৰোধীৰ প্ৰার্থী?

দুবেলা দুমুঠি খাবলৈ নাপালেও কংগ্ৰেছ দল ত্যাগ নকৰো৷এই বাণী আছিল প্ৰাক্তন কংগ্ৰেছী নেতা সুশান্ত বৰগোহাঁইৰ৷সুশান্ত বৰগোহাইৰ এতিয়া খাবলৈ অভাব নাই৷কাৰণ ২ কোটি ১৯ লাখ টকা সম্পত্তিৰ গৰাকী এতিয়া সুশান্ত বৰগোহাই৷কিন্তু তাৰপিছতো কালি সুশান্ত বৰগোহাঁইক দেখা গল এইদৰে-

- Donation -

কংগ্ৰেছত থাকোতে সুশান্ত বৰগোহাঁইয়ে টুইট কৰিছিল এইদৰে-

“কিন্ত আজি বৰগোহাঁইয়ে ফেচবুকত লিখিছে এইদৰে-ভাৰতীয় জনতা পাৰ্টি, অসমৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি সম্পন্ন হোৱা এক গাম্ভীৰ্যপূৰ্ণ যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোৰ সদস্যৰূপে অন্ততঃকৰণেৰে যোগদান কৰোঁ।“

কোনোদিন বিজেপিলৈ নোযোৱা সুশান্ত বৰগোহাঁই অবশেষত বিজেপিলৈ গল৷কংগ্ৰেছৰ এখন আসন সলনি হল৷কিন্তু কি হব এতিয়া বিজেপিত,কি হব এতিয়া কুশল দুৱৰীৰ?কি হব থাওৰাৰ ৰাজনীতি?

বিগত বলোকসভা নির্বাচনত মাত্ৰ ২০০০ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল কংগ্ৰেছ প্ৰার্থী সুশান্ত বৰগোহাঁই৷সুশান্ত বৰগোহাইয়ে ৪৮০২৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰার্থী কুশল দুৱৰীয়ে লাভ কৰিছিল ৪৬০২০ টা ভোট৷অন্যহাতে অসম জাতীয় পৰিষদে ১৭ শ ভোট লাভ কৰাৰ বিপৰীতে ন’টাত ভোট প্ৰদান কৰিছিল  ১১৪৬ গৰাকী ভোটাৰে৷অর্থাৎ কুশল দুৱৰীক বিজেপিৰ প্ৰার্থীত্বৰ পৰা বঞ্চিত কৰিলে কোনো কাৰণতে সহজ নহব সুশান্ত বৰগোহাইৰ বিজয়ৰ পথ৷কাৰণ কুশল দুৱৰীয়ে কংগ্ৰেছ অথবা সন্মিলিত বিৰোধী শক্তিৰ সহায়ত নির্বাচনত অবত্তীর্ণ হলে বিপদ অনিবার্য সুশান্ত বৰগোহাইৰ৷একেই কথাকেই কয় ২০১৬ চনৰ নির্বাচনী ফলাফলেও৷২০১৬ চনত বিজেপি প্ৰার্থী কুশল দুৱৰীয়ে ৪১ হাজাৰ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰার্থী সুশান্ত বৰগোহাঁইয়ে লাভ কৰিছিল ৪০ হাজাৰ ভোট৷২০১১ চনৰ নির্বাচনত  কংগ্ৰেছ প্ৰার্থী সুশান্ত বৰগোহাইয়ে ২৮ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ অন্য প্ৰার্থী থকা স্বত্বেও নির্দলীয় প্ৰার্থী কুশল দুৱৰীয়ে লাভ কৰিছিল ২৪ হাজাৰ ভোট৷অর্থাৎ থাওৰা সমষ্টিত এই দুই নেতাৰ মাজত কোনো এজনেই আনজনতকৈ অধিক বেছি শক্তিশালী নহয়৷পৰিণতিত এতিয়া দুয়োজনেই গুৰুত্বপূর্ণ হব বিজেপিৰ বাবে৷কিন্তু আগন্তক উপ নির্বাচনত সুশান্ত বৰগোহাঁইক প্ৰার্থীত্ব দিলে কুশল দুৱৰীক কেনেকৈ মেনেজ কৰিব বিজেপিয়ে?

কুশল দুৱৰীৰ  সংস্থাপনৰ বিষয়টোত ৰাজ্যিক বিজেপি চিন্তিত হৈ থকাৰ সময়তে থাওৰাৰ উপ নির্বাচনৰ সাম্ভাব্য প্ৰার্থী হিচাপে চর্চালৈ আহিছে আন এটা নাম৷বর্তমানৰ বিজেপি নেতা সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰা উপ নির্বাচনত প্ৰাথীত্ব প্ৰদান কৰিব পাৰে ধৈর্য কোঁৱৰে৷ৰাইজৰ দলৰ প্ৰার্থী হিচাপে চর্চালৈ আহিছে ধৈর্য কোঁৱৰৰ নাম৷থাওৰাৰ স্থায়ী বাসিন্দা ধৈর্য কোঁৱৰ সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে উমৈহতীয়া শক্তিশালী প্ৰার্থী হিচাপে থিয় হব বুলি সমষ্টিত চলিচে ব্যাপক চর্চা৷

থাওৰাৰ সমান্তাৰলভাবে মৰিয়নীৰ উপ নির্বাচনৰ প্ৰসংগও এতিয়া চর্চাৰ বিষয় হৈ পৰিছে৷ৰুপজ্যোতি কূর্মীৰ বিজেপি গমনৰ পিছতেই মৰিয়নীত বলিছিল উপ নির্বাচনৰ বতাহ৷ৰাইজৰ দলৰ সভাপতি অখিল গগৈ স্ব সমষ্টিত উপস্থিত হৈ হুংকাৰ প্ৰদান কৰিছিল ৰুপজ্যোতি কুর্মীক হৰুওৱাৰ৷কোনোকালেই বিজেপিয়ে দখল কৰিব নোৱাৰা সমষ্টিটো এইবাৰ ৰুপজ্যোতিৰ জড়িয়তেই বিজেপিয়ে দখল কৰিব নে সমষ্টিত আন এক বিকল্প ৰাজনীতি সূচনা হব,সেইয়া হব লক্ষণীয়৷কিন্ত থাওৰা আৰু মৰিয়নীৰ উপ নির্বাচনেই যে এইবাৰ অধিক আকর্ষনীয় আৰু উত্তেজনাপূর্ণ হব,সেইটো নিশ্চিত৷

Leave A Reply

Your email address will not be published.