প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ সন্মুখত কোন ?

Share This Article

ৰিঙত ননমাকৈয়ে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ প্ৰথমখন খেল আছিল ২৪ জুলাইত ৷ কিন্তু প্ৰথমখন মেচত বাই লাভ কৰি তেও পোনে পোনে প্ৰৱেশ কৰিছে প্ৰি কোৱাৰ্টাৰত ৷ প্ৰি – কোৱাৰ্টাৰত বক্সিঙৰ ৰিঙত তেও মুখামুখি হ’ব জাৰ্মানীৰ নাডিনা এপটেজৰ ৷ ২০১৬ আৰু ২০১৮ চনত বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী নাডিনা শক্তিশালী প্ৰতিদ্বন্দী ৷ কিন্তু নীৰৱ সাধনাৰে অলিম্পিকৰ বাট মোকলাই লোৱা ২৪ বছৰৰ লাভলীনা এই মুহূৰ্তত অতি আত্মবিশ্বাসী হৈ আছে ৷ নক আউট পাঞ্চেৰে বিশ্ববাসীৰ দৃষ্টি কাঢ়িবলৈ নিজকে সাজু কৰি তুলিছে লাভলীনাই ৷ লগত আছে অসমবাসীৰ অযুত প্ৰাৰ্থনা ৷ লাভলীনাই অসমৰ লগতে দেশক উজলাই তুলিবলৈ সক্ষম হ’বনে – এই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব ২৭ জুলাইৰ দিনটোলৈ ৷ সেইদিনা টকিঅ’ অলিম্পিকৰ ৰিঙত নামিব গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.