ভাৰতত মহিলাই কিয় ভেকচিন লোৱা নাই ?

Share This Article

কোভিড মহামাৰীৰ টিকাকৰণৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে। চীনে ১.৩ আৰব ডোজ ভেকচিন প্ৰদান কৰি প্ৰথম স্থানত আছে আৰু ৩৯.৫ কোটি ভেকচিন প্ৰদান কৰি দ্বিতীয় স্থানত আছে ভাৰত।
কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি , এই বছৰলৈ দেশৰ জ্যেষ্ঠ নাগৰিকসকলক ভেকচিন প্ৰদান সম্পূৰ্ণ কৰা হ’ব। লগতে ৫০ শতাংশ নাগৰিককো ভেকচিন প্ৰদান কৰা হ’ব। কিন্তু ভেকচিন বিতৰণৰ ক্ষেত্ৰত চৰকাৰ সন্মুখীন হব লগীয়া হৈছে অনেক সমস্যাৰ। যদিও চৰকাৰে এইবছৰৰ শেষলৈ প্ৰায়বোৰ নাগৰিৰকৰ টীকাকৰণ প্ৰক্ৰিয়া সমাপন কৰিব বুলি দাবী কৰিছে তথাপিও খুব লেহেমীয়া গতিত চলি আছে দেশত টীকাকৰণ প্ৰক্ৰিয়া। ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা মাত্ৰ ৫% লোকৰহে টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।
তদুপৰি ভাৰতত টীকাকৰণৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাসকলৰ স্থান যথেষ্ঠ তলত দেখা গৈছে ভাৰতবৰ্ষত।চৰকাৰী তথ্য অনুসৰি, পুৰুষৰ তুলনাত ভেকচিন লোৱাৰ ক্ষেত্ৰত প্ৰায় ১৪% পিছ পৰি আছে দেশৰ মহিলাসকল। কিন্তু কিয়? ভেকচিন লোৱাৰ ক্ষেত্ৰত কিয় পিছ পৰি আছে দেশৰ মহিলাসকল? BBC নিউজৰ এক সমীক্ষা অনুসৰি মহিলা সকলে ভেকচিন নোলোৱা কাৰণসমূহ হৈছে এনেধৰণৰ –
প্ৰথমতে , কিছুসংখ্যক মহিলাৰ মতে যিহেতু মহিলাসকল ঘৰৰ বাহিৰলৈ নাযায় সেইবাবে তেওঁলোকৰ ক’ৰোণা সংক্ৰমণ হোৱা সম্ভাৱনা নাই বুলি ভাবে। ঘৰৰ পুৰুষজনে ভেকচিন ল’লেই কৰনা সংক্ৰমণ ৰোধ হ’ব বুলি এইসকল মহিলাই বিশ্বাস কৰে ৷
দ্বিতীয়তে , ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱা বাবেও মহিলাসকল ভেকচিন গ্ৰহণত পিছ পৰি ৰ’বলগীয়া হৈছে ৷ ভাৰতৰ গাঁও এলেকাত বাস কৰা মহিলাসকলৰ ভিতৰত খুব কম সংখ্যক মহিলাৰ হাততহে মোবাইল ফোন উপলব্ধ । তেনে ক্ষেত্ৰত ভেকচিনৰ বাবে SLOT BOOK কৰাটো এই মহিলা সকলৰ ক্ষেত্ৰত এক ধৰণৰ অসম্ভৱ কাম বুলিয়ে ক’ব পাৰি ৷
তৃতীয়তে , পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা। ভাৰতবৰ্ষৰ কিছুমান সমাজত বৰ্তমানো এনে কিছু নিয়ম আছে য’ত মহিলাসকল অকলে ঘৰৰ বাহিৰলৈ যোৱাত আপত্তি কৰা হয়। তেনে ক্ষেত্ৰত মহিলা এগৰাকীয়ে অকলে ভেকচিন কেন্দ্ৰলৈ গৈ ভেকচিন গ্ৰহণ কৰাটো কিমান দূৰ সম্ভৱ হয় , সেয়াও এক চিন্তনীয় বিষয়।

চতুৰ্থতে বহুতো গৰ্ভৱতী মহিলা তথা সন্তানক স্তনপান কৰোৱা মহিলা সকলে ভেকচিন লোৱাৰ ক্ষেত্ৰত যথেষ্ট ভয়ৰ সমুখীন হৈছে। যদিও চৰকাৰ তথা স্বাস্থ্য কৰ্মীয়ে এই ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰিছে , তথাপিও এই পৰ্যন্ত বহুতো মহিলাই শংকিত হৈ থকা পৰিলক্ষিত হৈছে।
কোভিড মহামাৰীৰ তৃতীয় ঢৌ সমাগত বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। তেনে ক্ষেত্ৰত ভেকচিনৰ আৱশ্যকতা আৰু বৃদ্ধি হৈছে। কিন্তু যদি এনেদৰে দেশৰ মহিলাসকল ভেকচিনৰ ক্ষেত্ৰত পিছপৰি থাকে তেনেহলে দেশৰ পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.