অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী ডা: নোমল মমিন ? ক’লে অখিলৰ ঘণিষ্ঠ কমলে

Share This Article

সোমবাৰে বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি নিজৰ ভাষণ আগবঢ়াই আছিল ৷ সেই সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডা: নোমল মমিন ৷ অখিল গগৈৰ বাবে নিৰ্ধাৰিত সময় আছিল ৪ মিনিট ৷ কিন্তু তেও প্ৰায় ৭ মিনিট ধৰি নিজৰ ভাষণ ৰাখে ৷ অধ্যক্ষৰ আসনত থকা ডা: মমিনে মৃদু আপত্তি কৰিলেও তেওক বক্তৃতা সম্পূৰ্ণ কৰিবলৈ সুযোগ দিয়ে ৷ যিটো বিধানসভাত উপস্থিত সাংবাদিকসকলে এক ব্যতিক্ৰম দৃশ্য বুলিয়েই অভিহিত কৰিছে ৷ তেনেসময়তে অখিল গগৈৰ ঘণিষ্ঠ তথা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে পোহৰলৈ আনিছে আন এক অপ্ৰকাশিত তথ্য ৷ এক ফেচবুক পোষ্টৰ জড়িয়তে তেও প্ৰকাশ কৰিছে যে  এসময়ত ডা: নোমল মমিন  কেনেদৰে অখিল গগৈৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছিল ৷ কেনেকৈ তেও গাড়ীত বহি থাকি অখিল গগৈৰ স্বাস্থ্যৰ খেয়াল ৰাখিছিল ৷ আজি ৰাজনীতিৰ পথাৰত দুয়োজনৰ অৱস্থান সুমেৰু – কুমেৰুত ৷ কিন্তু এসময়ত ডা: নোমল মমিন ৰাইজৰ দলৰ আজিৰ সভাপতি অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী আছিল , সেয়া প্ৰকাশ কৰিছে কমল কুমাৰ মেধিয়ে ৷ কমল কুমাৰ মেধিৰ ফেচবুক পোষ্টৰ পূৰ্ণপাঠ তলত আগবঢ়োৱা হ’ল –

“২০১১ চনৰ মে’ মাহৰ কথা ৷
বৃহৎ নদীবান্ধ বিষয়ক লৈ অখিল গগৈৰ আমৰণ অনশন কাৰ্যসূচী চলি আছে দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ৷ তেতিয়ালৈকে অনশনৰ চাৰি-পাঁচটা দিন অতিক্ৰম হৈ গৈছে ৷ পানী এটুপিও মুখত নিদিয়া কঠোৰ অনশন কাৰ্যসূচীয়ে অখিলদাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাইছে ৷ মিডিয়াত এই অনশন কাৰ্যসূচীৰ সংবাদ অবিৰতভাবে চলি আছে ৷
অখিলদাৰ স্বাস্থ্যৰ বুজ ল’বলৈ চৰকাৰে GMCHৰ দুগৰাকী অধ্যাপক-চিকিৎসকৰ তত্ত্বাৱধানত এটা মেডিকেল টীম অনশনথলীলৈ পঠিয়াই দিছে ৷ তেওঁলোকে অখিলদাৰ স্বাস্থ্যৰ অৱস্থাটো চাই ক’লে যে তেওঁক জৰুৰীভাৱে হস্পিতালত ভৰ্ত্তি কৰাব লাগিব ৷ কিন্তু অখিলদা কোনোপধ্যেই হস্পিতালত ভৰ্ত্তি হ’বলৈ ৰাজী নহয় ৷ দুয়োগৰাকী চিকিৎসকে বহুত বুজনি দিয়াৰ পিছতো অখিলদা নিজৰ স্থিতিত অটল ৷ চিকিৎসক দুগৰাকীৰ অসহায় অৱস্থা !
কাৰণ, তেওঁলোক চৰকাৰী দায়িত্বত আহিছে যেতিয়া তেনে অৱস্থাত অখিল গগৈক এৰি থৈ যাব নোৱাৰে ৷ তাৰে এগৰাকী চিকিৎসক মোৰ পুৰণি চিনাকি ৷ তেখেতে মোক মাতিলে ৷ লগৰ ইগৰাকী চিকিৎসকক চিনাকি কৰাই দি ক’লে যে অখিলদাক মই ভালদৰে কথাটো বুজাই দিব লাগে ৷ মই ক’লোঁ যে চৰকাৰে বিষয়টোক লৈ আলোচনা নকৰালৈকে অখিলদাই অনশন নাভাঙে আৰু হস্পিতালত ভৰ্ত্তি নহয় বুলি স্পষ্ট কৰি দিছে ৷ উপায়অন্তৰ দুয়োগৰাকী চিকিৎসকে গাড়ীৰ ভিতৰতে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিল ৷ মাজে মাজে মই গৈ তেওঁলোকৰ লগত সৌজন্যতাৰ খাটিৰত দুই- এষাৰ কথা পাতি থাকিলোঁ ৷
এই কথাখিনি হঠাতে মোৰ মনলৈ কিয় আহিল- জানেনে?
মনলৈ আহিল কালিৰ বিধানসভাৰ অধিবেশন চাই !
কালি বিধানসভাত বাজেটক লৈ বিধায়ক অখিল গগৈয়ে ভাষণ দি থাকোঁতে অধ্যক্ষৰ আসনত আছিল তাৰেই এগৰাকী চিকিৎসক ৷ তেখেত ডাঃ নোমল মমিন ৷
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.