PEGASUS : বিগব্ৰাডাৰে চাই আছে নেকি আপোনাকো ?

Share This Article

জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ ” ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা নাগৰিকৰ ওপৰত অহৰ্নিশে নজৰদাৰী কৰি গৈছে ৷ ইয়াৰ বাবে বিশেষ ছফ্টৱেৰৰ সহায়ত এইসকল নাগৰিকৰ মোবাইল ফোনসমূহ হেক কৰি লোৱা হৈছে ৷ এই অদ্ভুত কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ ‘দ্য ৱায়াৰ’কে ধৰি কেবাখনো বিখ্যাত আন্ত:ৰাষ্ট্ৰীয় কাকতত এই বিষয়ে সবিস্তাৰ খবৰ প্ৰকাশ পাইছে ৷ এই খবৰ অনুসৰি , পেগাগাছ নামৰ এক বিশেষ ছফ্টৱেৰ বা স্পাইৱেৰৰ সহায়ত দেশৰ বহু লোকৰ কাৰ্যকলাপ প্ৰতিমুহূৰ্তত নীৰিক্ষণ কৰি থকা হৈছে ৷ কিন্তু কি এই পেগাছাছ স্পাইৱেৰ ? ভাৰতৰ ৪০ জন সাংবাদিক, ২ কেন্দ্ৰীয় মন্ত্ৰী সহিতে আৰু কাৰ কাৰ মোবাইলত ধৰা পৰিছে পেগাছাছৰ উপস্থিতি? কাৰ নেতৃত্বত চলি আছে এই অবৈধ চোৰাংচোৱাগিৰি ?কাৰ ষড়যন্ত্ৰৰ বলি হৈছে প্ৰায় ৩০০ ভাৰতীয়?

পেগাছাছ হৈছে ইজৰাইলী কোম্পানী NSO য়ে নিৰ্মান কৰা এটা বিশেষ ছফ্টৱেৰ ৷এটা মাত্ৰ মিছ কলৰ সহায়ত এই ছফ্টৱেৰটো আপোনাৰ মোবাইলত প্ৰৱেশ কৰিব পাৰে। এবাৰ মোবাইলত সংৰোপিত হোৱাৰ পাছত এই ছফ্টৱেৰটোৱে আপোনাৰ অনুমতি অবিহনেই মোবাইলৰ সকলো তথ্য গোপনে প্ৰেৰক সংস্হাটোলৈ প্ৰেৰণ কৰে। এই ছফ্টৱেৰ NSO গ্ৰুপে চৰকাৰ সমূহক বিক্ৰী কৰে। প্ৰথম অৱস্থাত এই ছফ্টৱেৰটো উগ্ৰপন্থীৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত বহু দেশৰ চৰকাৰে কিছু সংখ্যক নিৰ্দিষ্ট লোকৰ চোৰাংচোৱাগিৰি কৰিবলৈও এই ছফ্টৱেৰ ব্যৱহাৰ কৰে। অৰ্থাৎ কোনোবাই ইচ্ছা কৰিলেই আপোনাৰ মোবাইলৰ গোপন তথ্য চুৰ কৰিব পাৰে বা চোৰাংচোৱাগিৰি কৰিব পাৰে।
উদ্বেগজনক ভাৱে ভাৰতৰ ৪০ জন সাংবাদিককে ধৰি ২ কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাহুল গান্ধী সহিতে ৩ বিৰোধী নেতা তথা প্ৰসিদ্ধ নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আদিৰ দৰে ব্যক্তিৰ মোবাইলত ধৰা পৰিছে পেগাগাছ স্পাইৱেৰৰ উপস্থিতি। অৰ্থাৎ তেওলোকক কোনোবাই চোৰাংচোৱাগিৰি কৰি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।
পেগাছাছৰ জড়িয়তে টাৰ্গেট হিচাপে লোৱা নম্বৰ সমূহৰ এখন তালিকা প্ৰথমাৱস্থাত লীক হৈছিল। এই বিশেষ তালিকাখন প্ৰথমতে লাভ কৰিছিল ফৰবিডেন ষ্টৰীজ আৰু এমনেষ্টী ইন্টাৰনেশ্যনেলে। তাৰ পিছতে তেঁওলোকে এই তালিকাখন ‘দ্য ৱায়াৰ’ সহিতে আন ১৫টা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে। এই তালিকাখনত নাম আছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ তোলা মহিলাগৰাকীৰ ৷ তালিকাত নাম থকা আন ব্যক্তিসকলৰ ভিতৰত আছে ‘হিন্দুস্তান টাইমছ’ৰ শিশিৰ গুপ্তা, প্ৰশান্ত জ্যা, ৰাহুল সিং, ঔৰংগজেৱ, চৈকত দত্ত(প্ৰাক্তন কৰ্মচাৰী) ,’ দ্য হিন্দু’ৰ বিজেয়েতা সিং, ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ মোজাম্মিল জলিল , ৰিতিকা চোপ্ৰা, সুশান্ত সিং(প্ৰাক্তন কৰ্মচাৰী),’ ইণ্ডিয়া টুডে’ৰ সন্দীপ উন্নিথান, ‘দ্য ৱায়াৰ’ৰ সহ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ ভৰদ্বাৰাজনৰ লগতে স্বাতী চতুৰবেদী, দেৱীৰূপা মিত্ৰা, ৰোহিনী সিং, এম কে বেনু , ‘দ্য পায়োনীয়াৰ’ৰ জে গোপীকৃষ্ণন, ‘নিউজ ক্লিক’ৰ পৰাণজয় গুহা ঠাকুৰ্তা, ফন্টিয়াৰ টিভিৰ প্ৰাক্তণ মুখ্য সম্পাদক মনোৰঞ্জনা গুপ্তা, ফ্ৰী লেন্সাৰ স্বাবীৰ হুছেইন বুচ্চ আৰু স্মিতা শৰ্মা, জম্মু কাশ্মীৰৰ বিখ্যাত সাংবাদিক ইফটিকাৰ গিলানী, অৰ্থনীতিবিদ তথা সাংবাদিক প্ৰেম শংকৰ জ্যা, প্ৰাক্তন সাংসদ তথা সাংবাদিক সন্তোষ ভাৰতীয়া, পাঞ্জাৱী সাংবাদিক যশপাল সিং হেৰান, জম্মু-কাশ্মীৰৰ অধিবক্তা হাছান বাবৰ নেহৰু, JNUৰ গৱেষক তথা UAPAৰ অধীনত আটকাধীন ছাত্ৰ ওমৰ খালিদ,UAPAৰ অধীনত আটকাধীন অভিযুক্ত থিৰুমুৰুগান গান্ধী, ৰোনা উৱিলচন, ৰূপালী যাদৱ আৰু সমাজকৰ্মী লক্ষ্মণ পন্ট। ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা দুয়োটা ফোন নম্বৰেই এই তালিকাত আছে বুলি জানিব পৰা গৈছে। কিন্তু আচৰিত ধৰণে চৰকাৰৰেই দুগৰাকী মন্ত্ৰীক কোনে চোৰাংচোৱা কৰি আছে তাক লৈ ব্যাপক উৎসুকতাৰ সৃষ্টি হৈছে ৷
এই ঘটনা পোহৰলৈ অহাৰ পাছতে লোকসভাৰ কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে দেশত পেগাছাছ স্পাইৱেৰৰ উপস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এয়া ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে এটা ভাবুকি আৰু বিষয়টো সংসদত উত্থাপন কৰিব বুলি মন্তব্য কৰিছে। CPIৰ ৰাজ্যসভাৰ সাংসদ বিনয় বিস্বম আৰু AAPৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও এই সম্পৰ্কত সংসদত মত প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে।
‘দ্য ৱায়াৰ’ৰ তথ্য অনুসৰি ৪০ জন ভাৰতীয় সাংবাদিকৰ নাম এই বিশেষ তালিকাখনত আছে যদিও মিনিষ্ট্ৰী অৱ ইলেক্ট্ৰনিকচ এণ্ড ইনফৰমেশ্যন টেকন’লজীয়ে এই অভিযোগ খণ্ডন কৰিছে। তেওঁলোকৰ মন্তব্য হ’ল – চৰকাৰে কেইগৰাকীমান নিৰ্দিষ্ট ব্যক্তিক চোৰাংচোৱাগিৰি কৰিছে বুলি উঠা অভিযোগটোৰ কোনো সত্যতা নাই। পূৰ্বেও এনে অভিযোগ উঠিছিল, যাৰ কোনো তথ্যগত সত্যতা নাছিল।
প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে গণতন্ত্ৰৰ চাৰিটা স্তম্ভতে এনেদৰে আঘাত হৈছে বুলি মন্তব্য কৰিছে ৷
তাৰ মাজতে বিশ্বজুৰি পেগাগাছক লৈ সৃষ্টি হোৱা বিতৰ্কই বহু ভাৰতীয় নাগৰিক পেগাছাছ চিকাৰ হোৱাটো প্ৰায় নিশ্চিত কৰিছে । প্ৰশ্ন হৈছে – চৰকাৰে কৰিছে নেকি চোৰাংচোৱাগিৰিৰ ব্যৱস্থা? যদি কৰা নাই, তেন্তে কোনো বিদেশী দুষ্ট চক্ৰৰ চাইবাৰ ক্ৰাইমৰ বলি হৈছে নেকি ভাৰত? চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা নোলোৱাকলৈও এতিয়া ক্ষোভ প্ৰকাশ কৰিছে দেশৰ সচেতন মহলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.