ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি , গ্ৰেপ্তাৰ ৰকিবুল হুছেইনৰ গাড়ীচালক

Share This Article

প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ  ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ গাড়ীচালকক ৷ তেওৰ লগতে ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ গাড়ীচালকজনো আৰক্ষীৰ জালত পৰিছে ৷অসম বিধানসভা চৌহদৰ পৰাই চৌধুৰীৰ গাড়ীচালকে  চুৰি কৰি পলায়ন কৰিছিল ৷  নুমলীগড়ত গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ফণীভূষণ চৌধুৰীৰ প্ৰাক্তন গাড়ীচালক আৰিফুল আলী , ৰকিবুল হুছেইনৰ গাড়ীচালক ছফিকুল আহমেদ আৰু হাৰেচ আলী নামৰ তিনিজন লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.