দৰিদ্ৰতা অতিক্ৰমি কেনেকৈ বৃহৎ অৰ্থনীতিত পৰিণত হ’ল দক্ষিণ কোৰিয়া?

Share This Article

বিপুল কলিতাৰ কলমত-

শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া ৷ দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ’বলৈ সক্ষম হৈছে আৰু আজি দেশখন বিশ্ব অৰ্থনীতিৰ ট্ৰিলিয়ন ডলাৰৰ ক্লাবৰ সদস্য ।
সম্প্ৰতি দক্ষিণ কোৰিয়া হৈছে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি। সঠিকভাৱে ক’বলৈ গ’লে দ্বাদশ সৰ্ববৃহৎ। বিশ্ববজাৰত ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। এই দেশখন বহু বিয়াগোম বহুজাতিক নিগমৰ নিজা ঘৰ , যি আন বহুতো সৰ্বশ্ৰেষ্ঠ বহুজাতিক নিগমৰ সতে প্ৰতিদ্বন্দিতা কৰে। উদাহৰণ স্বৰূপে, যিসময়ত আমেৰিকাত নিৰ্মিত বস্তুৱে বিশ্বৰ বজাৰ দখল কৰি আছে , সেই আমেৰিকান বজাৰ কোৰিয়াত নিৰ্মিত অটোমোবাইলেৰে ভৰি পৰিছে। একেদৰে,দক্ষিণ কোৰিয়াৰ কোম্পানীবোৰ অন্যান্য উচ্চ-প্ৰযুক্তিৰ খণ্ড ,যেনে মোবাইল ডিভাইচ আদি উৎপাদনত বহু আগবঢ়া।উদাহৰণস্বৰূপে “চেমচাং ” এপলৰ নিকটতম প্ৰতিযোগী । দক্ষিণ কোৰিয়াৰ অৰ্থনৈতিক ইতিহাসৰ পটভূমিত এই সাফল্যবোৰ আৰু অধিক লক্ষণীয় হৈ পৰে। প্ৰায় পাঁচ দশক আগতে, দক্ষিণ কোৰিয়াক বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশ হিচাপে দেখা গৈছিল৷ য’ত অৰ্থনৈতিক পুনৰুজ্জীৱিত হোৱাৰ যেন কোনো সুযোগ নাছিল। আজি তৃতীয় বিশ্বৰ সেই স্তৰৰ পৰা , অৰ্থনৈতিক মহাশক্তিত পৰিণত হৈছে দক্ষিণ কোৰিয়া । কিন্তু কেনেকৈ এয়া সম্ভৱ হৈ পৰিল ?


যুদ্ধবিধ্বস্ত দেশ দক্ষিণ কোৰিয়াই বহু বছৰ জাপানীৰ অধীনত থকাৰ পাছত ১৯৪৫ চনত স্বাধীনতা লাভ কৰে। যুদ্ধৰ ফলত কেইবাটাও খণ্ডত কোৰিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। দেশখনে ইয়াৰ বাজেটৰ নব্বৈ শতাংশতকৈও অধিক বিদেশী সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তাত এখন সামৰিক চৰকাৰ আছিল আৰু নাগৰিকসকলৰ অধিকাৰ লক্ষণীয়ভাৱে কমি গৈছিল।
দক্ষিণ কোৰিয়াই জানিছিল যে যদি দেশক অৰ্থনৈতিক সমৃদ্ধি লাগে , তেওঁলোক বিদেশী সাহাৰ্য্যৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নোৱাৰে। নিবেশক লাগে। বিনিয়োগ লাগে । কিন্তু পশ্চিম জাৰ্মানীৰ বাহিৰে দক্ষিণ কোৰিয়াত কোনেও পুঁজি বিনিয়োগ কৰিব বিচৰা নাছিল।
দক্ষিণ কোৰিয়াই তেতিয়া গুৰুত্ব দিয়ে ক্ষুদ্ৰ উদ্যোগসমূহৰ ক্ষেত্ৰত৷ বিভিন্ন বস্ত্ৰ, উইগ আদিৰ দৰে সামগ্ৰী নিৰ্মানৰ উদ্যোগবোৰত অত্যন্ত আগৰণুৱা হৈ পৰে ৷আনকি কিছুমানত বিশ্বস্তৰত নেতৃত্বও লাভ কৰে । এইটোৱে দক্ষিণ কোৰিয়াক দুগুণ লাভান্বিত কৰিছিল ৷কিয়নো এই উদ্যোগবোৰ শ্ৰমিক নিৰ্ভৰশীল আছিল আৰু তাৰ প্ৰসাৰে নিবনুৱাৰ হাৰ যথেষ্ট হ্ৰাস কৰিছিল। একে সময়তে, দক্ষিণ কোৰিয়াই শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ আৰম্ভ কৰে । শিক্ষাৰ বিকাশে, নতুন প্ৰজন্মৰ কৰ্মশক্তি সৃষ্টি কৰে ৷ ইয়াৰ পৰাই অৰ্থনীতিৰ সমৃদ্ধিৰ অৱকাশ সৃষ্টি হয় ৷
পৰৱৰ্তী সময়ত দেশখনে ক্ষুদ্ৰ উদ্যোগৰ পৰা বৃহৎ উদ্যোগলৈ মন মেলে আৰম্ভ। ফলত আৰম্ভ হয় প্ৰথম কোৰিয়ান ষ্টীল মিল স্থাপনৰ যো -জা । কিন্তু সমস্যাটো আছিল বৃহৎ ধনৰ পৰিমান আৰু বিশ্ব বেংকে দক্ষিণ কোৰিয়াক ঋণ দিবলৈ অস্বীকাৰ কৰাৰ ঘটনা।

কিন্তু অভাৱনীয় প্ৰত্যয় আৰু বিশ্বাসেৰে, সকলো বাধা নেওচি কিছু দিনৰ ভিতৰতে দক্ষিণ কোৰিয়া সমগ্ৰ বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ইস্পাত উৎপাদক হৈ পৰে। ইস্পাত উদ্যোগৰ ক্ষেত্ৰখনলৈ ছয় দশক পলমকৈ আহিও বহু প্ৰতিষ্ঠিত প্ৰতিযোগীক অতিক্ৰম কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে । নিম্ন-সূতৰ হাৰ, নিম্ন ডলাৰৰ হাৰ, আৰু নিম্ন তেলৰ হাৰ- এই তিনিটা কাৰকে কোৰিয়াৰ ইস্পাত উদ্যোগত যথেষ্ট অৰিহণা যোগাইছিল।


ইয়াৰ পাছতো এফালে চহৰ অঞ্চলত মজুৰি আৰু জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি পাইছিল ৷ আনফালে, গ্ৰাম্যাঞ্চলত তেতিয়াও দৰিদ্ৰতা আৰু অনাহাৰ মূল সমস্যা হৈয়ে আছিল।এনে পৰিস্থিতি নিৰাময়ৰ বাবে চৰকাৰে সকলো গাঁৱক এক নিৰ্দিষ্ট পৰিমাণৰ কেঁচা সামগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত লয় ৷কেঁচা সামগ্ৰীৰ ভিতৰত চিমেণ্ট, ইটা, তীখা আৰু এনে অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত কৰা হয়। কেঁচা সামগ্ৰীৰ সৰ্বশ্ৰেষ্ঠভাৱে ব্যৱহাৰ কৰা গাওঁবোৰক অধিক কেঁচা সামগ্ৰী দিয়াৰ পদক্ষেপ লোৱাৰ ফলত গ্ৰাম্য দক্ষিণ কোৰিয়াৰ আন্তঃগাঁথনিৰ উন্নতি এক আন্দোলন হৈ গঢ় লৈ উঠে। ই দেশ আৰু অঞ্চলৰ সৰ্বাধিক উন্নয়নৰ বাবে সম্পদৰ অভাৱ কম কৰাৰ ক্ষেত্ৰত এক দৃষ্টান্ত হিচাপে বিবেচিত হয়। দক্ষিণ কোৰিয়াৰ দৃষ্টিভংগীটো ইমানেই জনপ্ৰিয় যে বাৰাক অবামাই পৰামৰ্শ দিছিল যে ৰাষ্ট্ৰসংঘই আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহত দৰিদ্ৰতা দূৰ কৰিবলৈ কোৰিয়ানসকলৰ দৰে পন্থা হাতত লব পাৰে।
তাৰ মাজতে ১৯৯৭ চনৰ এছিয়ান সংকটে আন্ত:ৰাষ্ট্ৰীয় অৰ্থনীতিৰো গুৰুতৰ ক্ষতি কৰিছিল। ফলস্বৰূপে, কোৰিয়াই আইএমএফৰ পৰা বৃহৎ পৰিমাণৰ ঋণ ল’ব লগা হৈছিল। অৱশ্যে, কোৰিয়ানসকলৰ ইমানেই উদ্যমী যে তেওঁলোকে নিৰ্ধাৰিত সময়তকৈ তিনি বছৰ আগতেই ঋণমুক্ত হয়।
এনেদৰে দক্ষিণ কোৰিয়াই ইয়াৰ ছয় দশকতকৈও কম সময়ৰ ভিতৰতে, কেইবাটাও শক্তিক অতিক্ৰম কৰি এক অৰ্থনৈতিক মহাশক্তি হৈ পৰে৷ আন দেশসমূহে ইয়াৰ পৰা বহু কথা শিকাৰ থল নুই কৰা নাযায় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.