নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ বাবেই আজি দেশৰ ১)GDP ঐতিহাসিক ভাবে ২৪% হ্ৰাস পাইছে

২)১২ কোটিয়ে চাকৰি হেৰুৱাইছে।

৩) ১৫.৫ লাখ কোটি অতিৰিক্ত ‘stressed’ ঋণ হৈছে

৪) বিশ্বৰ ভিতৰতে সৰ্বাধিক দৈনিক কৰুণা ভাইৰাছৰ কেছ আৰু মৃত্যুৰ সংখ্যা।

যোৱা দিন সমূহত কংগ্ৰেছ দলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰি আহিছিল। ইয়াৰ উপৰিও অৰ্থনৈতিক দুৰাৱস্থা, ভাৰত চীন সীমা বিবাদক লৈও কংগ্ৰেছ দলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰক কঠোৰ সমালোচনাৰে থকা সৰকা কৰি আহিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.