Investigative reporting with dedication.

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ববিখ্যাত তাজমহল আৰু আগ্ৰাফ’ৰ্ট । ২১ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব তাজমহল। যিহেতু বিশ্বত কৰ’ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল সেয়ে ১৭ মাৰ্চৰ পৰাই বন্ধ কৰি দিয়া হৈছিল তাজমহল আৰু আগ্ৰাফ’ৰ্ট। আৰু অৱশেষত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব তাজমহল। অৱশ্যে এদিনত ৫ হাজাৰ পৰ্যটকেহে অনুমতি পাব তাজমহল পৰিদর্শনৰ বাবে। আৰু আগ্ৰাফ’ৰ্ট দর্শনৰ বাবে ২৫০০ দর্শনাৰ্থীয়েহে অনুমতি পাব।এই কথা সদৰী কৰিছে উত্তৰ প্ৰদেশৰ পত্নতত্ববিদ বিভাগৰ অধ্যক্ষ পচন কুমাৰে।




