দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী

Share This Article

ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ’ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে।

তেওঁ আৰু কয় যে ভাৰতবৰ্ষৰ প্ৰতিষ্ঠাতা সকলে হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি এনেদৰে ভাবুকি আহিব। ছোনিয়া গান্ধীয়ে নিজৰ বক্তব্যত দেশত মুক্ত ভাবে অভিব্যক্তি প্ৰকাশৰ ক্ষেত্ৰত যি ভয় আৰু শংকাৰ পৰিবেশ সৃষ্টি হৈছে সেই কথাও উল্লেখ কৰে।

ভিডিও কনফাৰেন্স যুগে অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে কয় যে দৰিদ্ৰ বিৰোধী আৰু দেশ বিৰোধী শক্তি কিছুমানে যোৱা সময়বোৰত দেশৰ জনগণৰ মাজত ঘৃণা আৰু হিংসা বিয়পাবলৈ চেষ্টা কৰি আছে। এনে এক প্ৰক্ষাপটত দেশৰ গণতান্ত্ৰক ৰক্ষা কৰাটো বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি অভিহিত কৰে কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে।

photo courtesy: Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.