খাদ্যৰ সন্ধানৰত এজন কিশোৰক দিল্লী পুলিচৰ বৰ্বৰতা

Share This Article

শেহতীয়াকৈ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভিডিওৰ বাবে পুনৰ বিতৰ্কত সুমাই পৰিছে দিল্লী পুলিচ। সাংবাদিক বৰ্খা দতৰ নিউজ পৰ্টেল Mojo Story এ টুইট কৰা এটা ভিডিওত দেখা গৈছে যে দিল্লী পুলিচৰ এজন কনিস্তবলে দিল্লীৰ আৰ কে পুৰম অঞ্চলত এজন কিশোৰক মাজ ৰাতি বৰ্বৰ ভাবে মাৰপিট কৰিছে।

ভিডিওটো ভাইৰেল হৈ পৰাৰ পিছতে বিজেপি নেতা কপিল মিশ্ৰা আৰু টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক ৰাজ শেখৰ ঝাই দিল্লী পুলিচৰ সপক্ষে মাত মাতি কয় যে ভিডিওটো ৮ মাহ পুৰণি বুলি দাবী কৰে আৰু কয় যে উক্ত কিশোৰ জনে দিল্লী পুলিচক আক্ৰমণ কৰাৰ লগতে তেওঁ চুৰি কাৰ্যৰ লগত জড়িত আছিল।

কিন্তু alt নিউজ নামৰ fake নিউজ ফাদিল কৰা ৱেবছাইটটোৱে প্ৰকাশ কৰা অনুসৰি ভিডিওটো ৮ মাহ পুৰণি নহয়। বৰঞ্চ ভিডিওটো ২৪ আগষ্টৰ মাজনিশাৰ।

উক্ত ঘটনাৰ পাছতে দক্ষিণ দিল্লীৰ ডিচিপি য়ে টুইটাৰত কয় যে প্ৰায় ৪-৫ জন লৰাই একটা বিহাৰ জে জে কেম্পৰ সমীপৰ ৰাজহুৱা শৌচালইটোত বাহৰ পাতি লেতেৰা কৰি থোৱাৰ অভিযোগ স্থানীয় মহিলাই পুলিচক দিছিল। তাৰ পিছতে পুলিচৰ ৰাতি ভিজিল দিওঁতে এওঁলোকক পোৱাত তাৰ পৰা খেদাই পঠিওৱা হে হৈছিল। ডি চি পি জনে আৰু জানিব দিয়ে যে ইতিমধ্যে কনিষ্টবল জনে কৰা ব্যৱহাৰৰ বাবে এনকুৱাৰী আৰম্ভ হৈছে।

Featured photo courtesy: Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.