Investigative reporting with dedication.

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ’ব দুয়োখন সদন।
উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ বাবে প্ৰায় সকলো কাম কাজ স্থৱিৰ হৈ পৰা পাছত এইয়া প্ৰথম বাৰলৈ সাংসদৰ অধিবেশন অনুষ্ঠিত হ’ব। গতিকে এই সময়ছোৱাত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা, ভাৰত-চীনৰ সীমা বিবাদ আৰু দেশৰ অৰ্থনীতিৰ দুৰৱস্হা আদি বিষয় সমূহে আলোচনাত গুৰুত্ব পাব।
Featured photo courtesy: NDTV




