দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

Share This Article

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা বাতৰিটো টুইটাৰ যোগে শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে কয় যে তেখেতে সকীয়াই থকাটোৱে সত্য প্ৰমাণিত হ’ল। “মিডিয়াৰ জৰিয়তে ৰাইজৰ মনোযোগ আঁতৰাবলৈ যিমানেই চেষ্টা নকৰক লাগিলে দৰিদ্ৰতা আৰু অৰ্থনৈতিক দুৰৱস্থাৰ নোহোৱা হৈ নাযায়।”

উল্লেখ যোগ্য যে কৰোনা মহামাৰীৰ ফলত হোৱা লকডাউনে দেশৰ অৰ্থনীতিত মাধমাৰ শুধোৱা সময়তে আজি ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতিয়ে বহুদিনলৈ যে গা দাঙি উঠিব নোৱাৰে তাৰে ইংগিত দিছে। RBI ৰ মতে ব্যক্তিগত ব্যয় হ্ৰাস পোৱাৰ ফলতে অৰ্থনীতিৰ পুনৰুদ্ধাৰ দীঘলীয়া অৰ্থাৎ লেহেমীয়া হ’ব।

ৰাহুল গান্ধীয়ে নিজৰ টুইট যুগে কয় যে চৰকাৰে ব্যয়ত গুৰুত্ব দিব লাগে, ঋণত নহয়।উদ্যোগপতি সকলক কৰ ৰেহাই দিয়াৰ পৰিবৰ্তে দৰিদ্ৰ সকলক ধন দিব লাগে বুলি তেখেতে টুইট কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.