মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

Share This Article

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে।

IndianOil ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি পেট্ৰ’লৰ মূল্য বৰ্তমান দিল্লী, কলিকতা , মুম্বাই আৰু চেন্নাইত ক্ৰমে ৮১.৭৩ টকা, ৮৩.২৪ টকা, ৮৮.৩৯ টকা আৰু ৮৪.৭৩ টকা।

দেশৰ ৰাজধানীত যোৱা ১০ দিনত পেট্ৰ’লৰ মূল্য ৯ বাৰ বৃদ্ধি পাইছে। অৰ্থাৎ দিল্লীত যোৱা ১০ দিনত পেট্ৰ’লৰ মূল্য পূৰ্বৰ তুলনাত ১.৩০ টকা বৃদ্ধি পালে।

জানিব পৰা মতে আন্তৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ দাম বৃদ্ধি হোৱাৰ বাবেই দেশৰ পেট্ৰল ডিজেলৰ মূল্য অভাৱনীয় ভাবে বৃদ্ধি পাইছে।ইয়াৰ উপৰিও দেশৰ ৰাজহুৱা খণ্ডৰ অইল মাৰ্কেটিং কোম্পানী বোৰেও লকডাউনৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা অতিৰিক্ত ভেটৰ বাবেও পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.