মহাৰাষ্ট্ৰত বিল্ডিং খহি ৬ জনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

Share This Article

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাহাদ নামৰ এক আবাসীক অঞ্চলত বিল্ডিং এটা খহি পৰাৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৮ জন লোকক ঘটনাস্থলীৰ ধংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে।

প্ৰায় ৪০ টা পৰিয়াল বসবাস কৰা বিল্ডিংটোৰ কালি বিয়লি ৬.৫০ বজাত ওপৰৰ তিনিটা মহলা খহি পৰে। কিছু আবাসীয়ে ঘটনাৰ কিছু সময় পূৰ্বে পলাই সাৰিবলৈ সক্ষম হয় যদিয়ো বহু লোক বিল্ডিংটোতে আবদ্ধ হৈ পৰে।

এন ডি আৰ এফৰ তিনিটা টিম ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিয়ো ৰায়গড় পুলিচ থানায়ে ৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সংবাদ মাধ্যয়মত প্ৰকাশ পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে আঘাত প্ৰাপ্ত সকলৰ আশুৱা আৰোগ্য কামনা কৰিছে।

featured photo courtesy: Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.