সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

Share This Article

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

বিপিন ৰাৱতে ANI নামৰ নিউজ এজেন্সি এটাক দিয়া এক শেহতীয়া মন্তব্যত কয় যে চীনা সৈন্যৰ ভাৰতৰ সীমালঙ্ঘন কৰাৰ প্ৰত্যুত্তৰ সামৰিক ভাবে দিয়াৰ বিকল্পও আছে, কিন্তু ই প্ৰযোজ্য হ’ব তেতিয়াহে যেতিয়া সামৰিক আৰু কূটনৈতিক আলোচনা সমূহ বিফল হ’ব।

উল্লেখযোগ্য যে চীনা সৈন্যয়ে কৰা সীমালঙ্ঘনৰ কথা ৰাজহুৱা ভাবে কোৱা আৰু লাডাখৰ শেহতীয়া পৰিস্থিতিত সেনা শক্তি প্ৰয়োগৰ কথা কোৱা এইটোৱে প্ৰথম উচ্চ স্তৰীয় সেনা বিষয়াই কৰা মন্তব্য। এই পৰ্যন্ত ভাৰত চীন সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বহুবোৰ তথ্য চৰকাৰে ৰণকৌশলগত কাৰণত ৰাজহুৱা কৰা নাই। বিৰোধীয়ে বহুবাৰ ভাৰত -চীন সীমান্তৰ পৰিস্থিতিৰ সমন্ধে প্ৰশ্ন সোধাৰ পিছতো চৰকাৰে চীনা সৈন্যই সীমালঙ্ঘন কৰাৰ কথা স্বীকাৰ কৰা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.