শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো

Share This Article

যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক।

শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ পিছতে অৰবিন্দ কেজৰীৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে গেৰুৱা দলটোৱে নিৰ্বাচনী কৌশল হিচাপে শাহীনবাগৰ এই প্ৰতিবাদ নিজে কৰোৱাইছিল বুলি অভিযোগ আনিছে।

উল্লেখযোগ্য যে দিল্লীৰ বিধান সভা নিৰ্বাচনৰ সময়ত শ্বাহীনবাগক বিজেপিয়ে মূল নিৰ্বাচনী ইচ্ছু হিচাপে প্ৰচাৰ কৰিছিল। আনকি বিজেপি নেতা সকলে দিল্লীৰ জনগণক বিজেপিক এনেদৰে ভোট দিবলৈ কৈছিল যাতে সেই কাৰেণ্ট শ্বাহীনবাগত লাগে গৈ।

কিন্তু দিল্লীৰ নিৰ্বাচনৰ আজি ৫ মাহ নহওঁতেই শতাধিক প্ৰতিবাদকাৰীয়ে গেৰুৱা দলটোলৈ কৰা গমনে সততে ৰাজনৈতিক মহলত সন্দেহ আৰু আশ্চৰ্য্যৰ সৃষ্টি কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকতখনত প্ৰকাশিত এক বাতৰি অনুসৰি প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদান কৰা কাৰ্য্যই অস্বস্তিত পেলাইছে গেৰুৱা দলটোৰ একাংশ নেতাকো।

যি সময়ত দলটোৱে নিৰ্বাচনৰ সময়ত শ্বাহীনবাগ সম্পৰ্কে এক স্পষ্ট আৰু বিৰোধী স্থিতি লৈছিল, এই যোগদানৰ ঘটনাই দলটোৰ পূৰ্বৰ স্থিতি দুৰ্বল কৰাৰ লগতে আম আদমী পাৰ্টিক আঙুলিটোৱাবলৈ সুবিধা কৰি দিয়া হ’ল বুলি বিজেপিৰ কিছু নেতাই বাতৰি কাকত খনক জনাইছে।

Featured photo courtesy: Newslaundry

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.