আয়ুস মন্ত্ৰালয়ৰ বিষয়াই হিন্দী নজনা সকলক মিটিংৰ পৰা ওলাই যাবলৈ কোৱাক লৈ বিতৰ্ক

Share This Article

শেহতীয়াকৈ আয়ুস মন্ত্ৰালয়ৰ (Ministry of AYUSH) চেক্ৰেটাৰী বৈদ্য ৰাজেশ কটেচাৰ হিন্দী নজনা সকলক লৈ কৰা এক মন্তব্যই পুনৰ হিন্দী জাপি দিয়াক লৈ বিতৰ্কৰ সূচনা কৰিছে।

জানিব পৰা মতে আয়ুস মন্ত্ৰালয়ৰ এক ট্ৰেইনিং অনুষ্ঠানত চেক্ৰেটাৰী জনে হিন্দী নজনা সকলক মিটিংৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিছিল। তাক লৈয়ে বৰ্তমান দক্ষিণ ভাৰতৰ বিশেষকৈ তামিল নাডুৰ ৰাজনৈতিক নেতা সকল জাঙুৰ খাই উঠিছে।

তামিল নাডুৰ দি এম কে দলৰ নেতা তথা সাংসদ কানিমঝি কৰুণানিধিয়ে আয়ুস মন্ত্ৰালয়ৰ বিষয়া জনৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান জনায় কয় যে হিন্দী নজনা সকলক ট্ৰেইনিংৰ পৰা ওলাই যাবলৈ কোৱাৰ দৰে ঘটনাই দেশত কিদৰে হিন্দী জাপি দিয়া হৈছে তাকে প্ৰতিফলিত কৰে।”আৰু কিমান দিন এইদৰে হিন্দী ক’ব নজনা সকলক আঁতৰাই ৰাখিব বিচৰা মনোভাব সহ্য কৰি থকা হ’ব?” তেখেতে টুইট কৰি কয়।

কংগ্ৰেছ নেতা পি চিডাম্বৰমৰ পুত্ৰ তথা সাংসদ কীৰ্তি চিডাম্বৰমেও এই ঘটনাক গৰিহণা দি কয় যে হিন্দী ক’বলৈ বাধ্য কৰাটো কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.