পাকিস্থানৰ দৰে চীনৰ ক্ষেত্ৰতো কঠোৰ হ’ব ‘ভিছা'(visa)ৰ নিয়ম

Share This Article

ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কৰ শেহতীয়াকৈ যি অৱনতি ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনৰ সংস্থান সমূহৰ লগত জড়িত ব্যক্তি সকলৰ ভিছাৰ (visa) ক্ষেত্ৰত নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে চীনৰ লগত জড়িত থিংক টেংক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থান সমূহৰ দ্বাৰা ভাৰতৰ ভিছা (visa) লাভ কৰা সকলৰ ভিছা এতিয়া চৰকাৰে কঠোৰ ভাবে পৰীক্ষণ কৰিব।

ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ এক বাতৰি অনুসৰি বৈদেশিক মন্ত্ৰালয়ে এনে কিছু চীনা সংস্থানৰ তালিকা লাভ কৰিছে যাৰ কাম কাজৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব চৰকাৰে।

বাতৰিটোত প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে লাভ কৰা এক নোটৰ মতে এই সংস্থান সমূহে চীনৰ চৰকাৰৰ হৈ ভাৰতৰ কিছু সংখ্যক নীতি নিৰ্ধাৰণকাৰী, ৰাজনৈতিক দল আৰু উঠি অহা নেতাক নিজৰ কীটনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰভাৱান্বিত কৰাৰ চেষ্টা কৰি আছে।

সেয়েহে এতিয়াৰ পৰা পাকিস্থানৰ দৰে চীনৰ লগত জড়িত কিছুমান সংস্থানৰ জৰিয়তে লাভ কৰা ভিছাৰ (visa) ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ নীতি লোৱাৰ লগতে তেওঁলোকৰ কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.