ষ্টেট বেংকৰ ১২০০ কোটি টকীয়া ঋণ পৰিশোধ কৰিব নোৱাৰি অস্বস্তিত অনিল আম্বানী

Share This Article

ষ্টেট বেংকৰ ১২০০ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অনিল আম্বানীৰ বিৰুদ্ধে এতিয়া insolvency(দেউলিয়া) proceeding আৰম্ভ কৰিছে এন চি এল টিয়ে(National Company Law Tribunal)

জানিব পৰা মতে ২০১৫ চনত অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেচন লিমিটেড আৰু ৰিলায়েন্স ইনফ্ৰাটেল লিমিটেডে ষ্টেট বেংকৰ পৰা ক্ৰমে ৫৬৫ কোটি টকাৰ আৰু ৬৩৫ কোটি টকাৰ দুটা ঋণ লৈছিল। ২০১৬ চনত মুকলি কৰি দিয়া এই ঋণৰ প্ৰায় ১২০০ কোটি টকাৰ ব্যক্তিগত গ্যাৰেণ্টি অনিল আম্বানীয়ে নিজে লৈছিল।

কোম্পানী দুটাই এই ঋণ পৰিশোধ কৰিব নোৱাৰাত ষ্টেট বেংকে অনিল আম্বানীয়ে দিয়া ব্যক্তিগত গ্যাৰেণ্টিৰ ভিত্তিত তেখেতৰ বিৰুদ্ধে পাৰ্চনেল insolvency (দেউলিয়া) proceeding ৰ বাবে এন চি এল টিক আহ্বান জনায়।

ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি ষ্টেট বেংকে অনিল আম্বানীৰ বিৰুদ্ধে পাৰ্চনেল INSOLVENCY(দেউলিয়া) PROCEEDING আৰম্ভ কৰাৰ পূৰ্বেই কোম্পানী দুটাই দেউলিয়া হোৱা বুলি জনাইছিল।

বাতৰি কাকত খনৰ মতে আম্বানীয়ে এতিয়া নিজৰ ব্যক্তিগত গ্যাৰেণ্টি দিওঁতে তেখেতৰ যি যি সম্পদ অথবা সম্পত্তি বেংকক সিমান পৰিমাণৰ টকাৰ ঋণৰ বাবে দেখুৱাইছিল বেংকে সেইবোৰ জব্দ কৰি ল’ব পাৰে।

Featured photo courtesy: TFIPOST

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.