প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে নিৰ্মাণ কৰা বিশেষ বিমান-এয়াৰ ইণ্ডিয়া ওৱান-শীঘ্ৰে পাবহি ভাৰত,কি কি আছে সেই বিশেষ বিমানত?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বিশেষ ভাবে নিৰ্মাণ কৰা এয়াৰ ইণ্ডিয়া ওৱান নামৰ বিশেষ বিমান খন শীঘ্ৰে ভাৰতৰ মাটিত পদাৰ্পন কৰিব।

প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ বাবে বিশেষ ভাবে নিৰ্মান কৰা এই বিমান খন Boeing 777-300 ERs মডেলৰ বুলি জানিব পৰা গৈছে।

The Print নামৰ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি ইতিমধ্যে এয়াৰ ইণ্ডিয়া, এয়াৰ ফ’ৰ্চ আৰু সুৰক্ষা এজেন্সিৰ শীৰ্ষ বিষয়া সকল বিমান খন ভাৰতলৈ আনিবলৈ যাৱতীয় কাম কাজ সমূহ কৰিবলৈ আমেৰিকাত উপস্থিত হৈছেগৈ।

উক্ত বাতৰি অনুসৰি ইয়াৰে এখন বিমান অহা সপ্তাহত ভাৰতত পদাৰ্পন কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে আনখন বছৰটোৰ শেষৰ ফালে ভাৰতৰ মাটিত পদাৰ্পন কৰিব। বিমান খন বহু উচ্চ ক্ষমতা সম্পন্ন হোৱাৰ লগতে বিমানখনৰ নিজা মিছাইল ডিফেন্স ছিষ্টেম থাকিব। যিহেতু বিমান খন VVIPৰ বাবে, সেয়েহে সুৰক্ষা আৰু অন্যান্য দিশৰ প্ৰতি লক্ষ্য ৰাখি বিমান খন অত্যাধুনিক ৰূপে গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও বিমান খনত অশোক স্তম্ভৰ লগতে ভাৰত আৰু ইণ্ডিয়া বুলি লিখা আছে বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতৰ VVIP সকলে Air India Boeing 747 ব্যৱহাৰ কৰে। এই বিমান খন এবাৰ ইন্ধন ভৰোৱাৰ পিছত ১০ ঘণ্টা পৰ্যন্ত উৰিব পাৰে। জানিব পৰা মতে নতুনকৈ নিৰ্মান কৰা এই বিশেষ বিমান খনে এবাৰ ইন্ধন ভৰালে ১৭ ঘণ্টা পর্যন্ত আকাশত উৰি থাকিব পাৰিব।

featured photo courtesy: Outlook India

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.