অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

Share This Article

৩ দিন পূৰ্বে ক’ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত “অৱসাদ আৰু গাৰ বিষত” ভুগি থকাৰ বাবে ক’ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে।

বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু হস্পিতালৰ পৰাই তেখেতে নিজৰ কাম কাজ কৰি আছে।

উল্লেখযোগ্য যে যোৱা ২ আগষ্ট তাৰিখে গৃহ মন্ত্ৰী জনৰ কৰোনা ভাইৰাছ পজিটিভ আহিছিল। ইয়াৰ পাছতে তেখেত গুৰগাওঁ স্থিত মেদান্ত হস্পিতালত চিকিসাধীন হৈ আছিল। যোৱা ১৪ আগষ্ট তাৰিখে তেখেতৰ কৰোনা ভাইৰাছ নিগেটিভ আহে আৰু ডক্টৰৰ পৰামৰ্শ অনুসৰি তেখেত যোৱা কিছুদিন হোম ইচ’লেচনত আছিল।

featured photo courtesy: The Week

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.