ৰাষ্ট্ৰীয় টিভিছেনেল সমূহৰ উত্তেজিত আৰু অসূয়াপূৰ্ণ বিতৰ্কৰ বাবেই প্ৰাণ গ’ল নেকি কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ? অভিযোগ উঠিছে সম্বিত পাত্ৰাৰ বিৰুদ্ধেও

Share This Article

ৰাষ্ট্রীয় টিভি চেনেল সমূহৰ ৰাজনৈতিক বিতৰ্কসমূহৰ স্তৰ নিম্নগামী হোৱাটো কোনো নতুন কথা নহয়। পিছে শেহতীয়াকৈ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ এনে এক টিভি বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে হোৱা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া যথেষ্ট চৰ্চিত হৈছে সংবাদ মাধ্যমৰ দিনে দিনে অৱনমিত হোৱা এই প্ৰাইম টাইম বিতৰ্ক সমূহ।

উল্লেখযোগ্য যে আজটক চেনেলৰ বাংগালুৰৰ হিংসাত্মক ঘটনাৰ ওপৰত চলি থকা বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে কংগ্ৰেছ প্ৰবক্তাজনক পৰিয়ালৰ লোকে অচেতন অৱস্থাত পায়।ইয়াৰ পিছতে তেখেতক হস্পাতাললৈ নিয়া হয় যদিয়ো তেখেতক চিকিৎসকে মৃত ঘোষণা কৰে।

এই ঘটনাৰ পিছতে কংগ্ৰেছ মুখপাত্ৰ জয়বীৰ শ্বেৰ্গিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী প্ৰকাশ জাৱদেকাৰলৈ এক পত্ৰ যুগে উত্তেজনাপূৰ্ণ, অসূয়াপূৰ্ণ বিতৰ্ক অনুষ্ঠানবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ মিডিয়া ক’ড অৱ কনডাক্ত প্ৰযোজ্য কৰিবলৈ আহ্বান জনায়।

কংগ্ৰেছ নেতা আহমেদ পেটেলেও টুইটাৰ যোগে টিভি চেনেলৰ মালিকপক্ষৰ লগতে সম্পাদক সকলক উদ্দেশ্যি কয় যে এই কথা অনুধাৱন কৰাৰ এতিয়া সময় আহি পৰিছে যে কিদৰে একাংশই টিভি বিতৰ্ক সমূহ অৰ্থহীন আৰু বিষাক্ত কৰি তুলিছে।

অন্যহাতেদি এই ঘটনাৰ পিছতে উক্ত বিতৰ্কত অংশগ্ৰহণ কৰা বিজেপি দলৰ প্ৰবক্তা সম্বিত পাত্ৰাৰ বিৰুদ্ধেও কটু মন্তব্য কৰাৰ অভিযোগ উঠিছে। উত্তেজিত বক্তব্যৰ বাবে পূৰ্বৰে পৰা পৰিচিত প্ৰবক্তা জনে উক্ত অনুষ্ঠানত কৰা এক মন্তব্যৰ ভিডিও এতিয়া ছ’ছিয়েল মিডিয়াত বহুল ভাবে প্ৰচাৰিত হৈছে। উক্ত ভিডিওত পাত্ৰাই কোৱা শুনা যায় যে “ফুট ললেই সঁচা হিন্দু হৈ নাযায়। সঁচা হিন্দু যদি অন্তৰত ফুট লোৱা আৰু কোৱা কোনে ঘৰ জ্বলাইছিল…”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.