ছ’চিয়েল মিডিয়াত দিয়া সাম্প্ৰদায়িক পোষ্টক লৈ বাংগালোৰত হিংসাত্মক সংঘৰ্ষ-৩ জনৰ মৃত্যু

Share This Article

ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক লৈ পূৱ বাংগালোৰত সংঘটিত হৈ হিংসাত্মক সংঘৰ্ষ। এই ঘটনাত প্ৰায় তিনিজন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি যোৱা নিশা কৰ্ণাটকৰ পুলকেশী নগৰৰ কংগ্ৰেছৰ বিধায়ক আখণ্ড শ্ৰীনিভাষ মূৰ্থীৰ কোনো সম্পৰ্কীয়ই দিয়া এটা ছ’ছিয়েল মিডিয়া পোষ্টক কেন্দ্ৰ কৰি পূৱ বাংগালোৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বাতৰি কাকত খনৰ অনুসৰি এই সংঘৰ্ষত প্ৰায় ৫০ জন আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে।

বঙ্গালুৰু চিটি পুলিচ কমিছনাৰে টুইটাৰ যোগে জনোৱা অনুসৰি নবীন নামৰ ছ’ছিয়েল মিডিয়াত পোষ্ট দিয়া ব্যক্তি জনক পুলিচে গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ১১০ জন হিংসাত্মক কাৰ্যত জড়িত থকা লোকক পুলিচে আটক কৰিছে।

বাতৰি কাকত কাণত প্ৰকাশ পোৱা অনুসৰি বিতৰ্কিত ছ’ছিয়েল মিডিয়াৰ পোষ্টটো ইছলাম ধৰ্মৰ বিৰোধী বুলি অভিযোগ উঠিছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়োৰাপ্পাই আৰক্ষীক হিংসাত্মক ঘটনাত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.